যোৰহাট, 17 আগষ্ট: অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষিৰ বিষয়ক বা-বাতৰি প্ৰচাৰ কৰি অহা পষেকীয়া অসমীয়া কৃষি পত্ৰিকা ঘৰে পথাৰে এতিয়াৰে পৰা উপলব্ধ হ’ব ই প্লেটফৰ্মত (Edition of weekly agriculture magazine Ghare Pathare e-edition launched)। অসম কৃষি বিশ্ববিদ্যালয়ে বিগত ৪৩ বছৰে অবিৰতভাবে প্ৰকাশ কৰি অহা কৃষি পত্ৰিকাখনৰ ই সংস্কৰণটো আজি মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই।
যোৰহাটৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত সংস্কৰণটো মুকলি কৰি ই সংস্কৰণটোৰ জৰিয়তে কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ লগত জড়িত সকলে বহু তথ্য লাভ কৰিব বুলি উপাচাৰ্য গৰাকীয়ে আশা প্ৰকাশ কৰে (Involved in agriculture and allied sectors will receive lot of information)।