অসম

assam

ETV Bharat / state

অৰ্থনীতিবিদ ডঃ মাধুৰ্য প্ৰসাদ বেজবৰুৱাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

সুদীৰ্ঘ সময়ৰ‌ লক ডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনীতিত সাংঘাটিক ধৰণে প্ৰভাৱ পৰিছে ৷ ইয়াৰ ফলত হ’ব পৰা ক্ষতি পূৰাবলৈ প্ৰয়োজন হ’ব দীঘলীয়া সময়ৰ। লক ডাউনৰ পিছৰ পৰিস্থিতি চম্ভালিবলৈ এতিয়াৰে পৰা যদি চৰকাৰে ব্যয় সংকোচনৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে তেতিয়া কিছু পৰিমাণে সকাহ লাভ কৰিব পৰা যাব ৷

Economist Dr. Madhujya Prashad Bejboruah Exclusive Etv interview
ড৹ মাধুৰ্য প্ৰসাদ বেজবৰুৱাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Apr 18, 2020, 7:57 PM IST

গুৱাহাটী,18 এপ্ৰিলঃ সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱা কৰ’ণা মহামাৰীয়ে বিশ্ব অৰ্থনীতিৰ লগতে ভাৰতৰ অৰ্থনৈতিক পৰিকাঠামোতো যথেষ্ট প্ৰভাৱ পেলাইছে ৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়। কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ নিজ আয়ৰ সকলো বিলাক পথ বন্ধ হৈ পৰিছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ আগত সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে বিস্তৃত মন্তব্য কৰে বিশিষ্ট অৰ্থনীতিবিদ ডঃ মাধুৰ্য প্ৰসাদ বেজবৰুৱাই ৷

ড৹ মাধুৰ্য প্ৰসাদ বেজবৰুৱাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

অৰ্থনীতিবিদ গৰাকীয়ে কয় যে,সুদীৰ্ঘ সময়ৰ‌ লক ডাউনে দেশৰ অৰ্থনীতিত সাংঘাটিক ধৰণে প্ৰভাৱ পৰিছে ৷ ইয়াৰ ফলত হ’ব পৰা ক্ষতি পূৰাবলৈ প্ৰয়োজন হ'ব দীঘলীয়া সময়ৰ । লক ডাউনৰ পিছৰ পৰিস্থিতি চম্ভালিবলৈ এতিয়াৰে পৰা যদি চৰকাৰে ব্যয় সংকোচনৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে তেতিয়া কিছু পৰিমাণে সকাহ লাভ কৰিব পৰা যাব ৷ প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি হ'লেও এই পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব ৷

ড৹ মাধুৰ্য প্ৰসাদ বেজবৰুৱাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

লক ডাউন শেষ হোৱাৰ পিছত সমগ্ৰ বিশ্ববাসীৰ লগতে আমিও এখন নতুন পৃথিৱীত ভৰি দিম । যিখন পৃথিৱী হ’ব অত্যন্ত ভয়ংকৰ আৰু কদৰ্য। সেইখন পৃথিৱীত তিষ্ঠি থাকিবলৈ আমি সকলোৱে আন এখন যুঁজত অৱতীৰ্ণ হ’ব লাগিব । সেইখন যুঁজৰ বাবে আমি সাজু হোৱা প্ৰয়োজন বুলিও মন্তব্য কৰে অৰ্থনীতিবিদ ড৹ মাধুৰ্য প্ৰসাদ বেজবৰুৱাই ৷

লগতে পঢ়ক-তবলিগী-জেহাদ আৰু সংবাদ মাধ্যমৰ পক্ষপাতদুষ্টতা

ABOUT THE AUTHOR

...view details