গুৱাহাটী, 19 চেপ্তেম্বৰঃসমগ্ৰ দেশতে দেখা দিয়া বিত্তীয় মন্দাৱস্থাই ৰাজ্যৰ সৰ্বস্তৰতে ক্ষতি কৰিছে ৷ বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা এই মন্দাৱস্থাৰ বাবে বহুকেইটা বিষয়ক জগৰীয়া কৰিছে দেশবাসীয়ে ৷ জিএচটিকে ধৰি বিমুদ্ৰাকৰণৰ দৰে অপৰিপক্ক নীতিয়ে দেশৰ জিডিপিৰ হাৰ সৰ্বনিম্ম হোৱাত বহুগুণে সহায় কৰিছে ৷ এনে পৰিস্থিতিত অসমৰ ৰাইজে কি কয় তাৰ বাবে আমি কাষ চাপিছিলো ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা ছাত্ৰনেতাৰ লগতে ব্যৱসায়ী সমাজক প্ৰতিনিধিত্ব কৰা এগৰাকী চাটাৰ্ড একাউন্টটেন্টৰ ওচৰত ৷ ছাত্ৰসমাজৰ হৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধি আৰু ব্যৱসায়ী সমাজক প্ৰতিনিধিত্ব কৰা চাটাৰ্ড একাউন্টটেন্ট প্ৰদীপ কুমাৰ নাহাতায়ে ৷
ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ দিশে অসম - উদ্যোগখণ্ডত বৃহৎ পৰিৱৰ্তন সাধন
সমগ্ৰ দেশতে বিত্তীয় তথা আৰ্থিক সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিগত 70 বছৰৰ তুলনাত চলিত বৰ্ষত ভাৰতৰ জিডিপি হাৰ সৰ্বনিম্ম হৈছে ৷ এনে সময়ত অসমৰ অৰ্থনৈতিক অৱস্থাৰ কেনে পৰিৱৰ্তন ঘটিছে, কোনফালে গতি কৰিছে অসমৰ অৰ্থনীতি,সকলো সামৰি আমাৰ এক প্ৰতিবেদন.....
ইটিভি ভাৰতৰ সৈতে দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিব্যজ্যোতি মেধিয়ে কয় যে, দেশৰ বিত্তীয় মন্দাৱস্থাই সমগ্ৰ অসমতে ক্ষতি কৰিছে ৷ যদি পৰিস্থিতিৰ পৰিৱৰ্তন নঘটে তেন্তে অসমে খুব কম সময়তে এক জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব ৷ বিশেষকৈ অট'মোবাইল খণ্ডৰ নিম্মগামী প্ৰভাৱৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য আৰু থলুৱা লোকৰ চাকৰি হ্ৰাস আদি দিশসমূহে বিত্তীয় ব্যৱস্থাৰ ভয়াৱহ দিশটোকে প্ৰকাশ কৰিছে ৷ ইতিমধ্যে নিটি আয়োগৰ উপাধ্যক্ষয়ো এই কথা স্বীকাৰ কৰিছে যে, দেশৰ আৰ্থিক অৱস্থাই ভয়াৱহ দিশলৈ গতি কৰি আছে ৷
আনহাতে চাটাৰ্ড একাউন্টটেন্ট প্ৰদীপ কুমাৰ নাহাতায়ে অৰ্থনৈতিক অৱস্থাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, গোটেই বিশ্বত অৰ্থনৈতিক সমস্যা আছে, ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় ৷ অসমত বিগত 3 বছৰ ধৰি অৰ্থনৈতিক সংকট চলি আছে যদিও অসমৰ বিত্তীয় অৱস্থা যথেষ্ট ভাল আৰু বেয়াও নহয়, মধ্যম অৱস্থাত চলি আছে ৷ যদিহে পূবলৈ চোৱা নীতি সঁচাকৈ কাৰ্যকৰী হয় তেতিয়াহ'লে অসমৰ অৰ্থনীতি উন্নত হোৱাৰ বহুটো সম্ভাৱনা আছে ৷ জিএচটিয়ে সমগ্ৰ দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে ৷ এইক্ষেত্ৰত অসমৰ ভূমি অধিগ্ৰহণ নীতিত যথেষ্ট শুধৰণিৰ থল আছে ৷ ভূমি অধিগ্ৰহণ নীতিৰ শুধৰণি ঘটালে বাহিৰৰ পৰা অহা ব্যৱসায়ীসকলে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে উদ্যোগখণ্ডত বৃহৎ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব ৷