গুৱাহাটী, ২১ মার্চ :আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ’ব সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া (Assam constituency delimitation issue) । ইতিমধ্যে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছে । আনহাতে সমষ্টি পুনৰ গঠন সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সামাজিক সংগঠনসমূহৰ লগতে নাগৰিকসকলৰ মতামত গ্ৰহণৰ বাবে ২৬ মাৰ্চত অসমলৈ আহিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল ।
তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত থাকিব নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলো । এই কথা সদৰি কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই । মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত আয়োগৰ দলটোৱে স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব (ECI will visit Assam to discuss on constituency delimitation)।
সেইদিনাই দিনৰ এক বজাৰ পৰা নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰেও আলোচনাত মিলিত হ’ব আয়োগৰ দলটো । আনকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক । এই বৈঠকৰ অন্তত ২৮ মাৰ্চৰ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব ।
উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচন বিভাগে দাখিল কৰা জিলা, মহকুমা, মৌজাভিত্তিক তথ্য তথা মানচিত্ৰৰ ভৌগোলিক অৱস্থান ভিত্তিত আয়োগে পুনৰ গঠিত সমষ্টিৰ খচৰাৰ ৰূপৰেখা প্ৰস্তুত কৰি আছে । অৱশ্যে সমষ্টিসমূহ পুনৰ গঠন কৰিলেও ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায় । আয়োগৰ এটা সূত্ৰৰ মতে চলিত বৰ্ষৰ ভিতৰতেই সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ২০২৪ চনৰ ১ জানুৱাৰীত ৰাজ্যৰ নতুন ভোটাৰ তালিকা পুনৰ গঠিত সমষ্টিৰ ভিত্তিত প্ৰকাশ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে ।