গুৱাহাটী, ২৬ মাৰ্চ :অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে অব্যাহত আছে বিতৰ্ক, বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷ তাৰ মাজতে আজি অৰ্থাৎ ২৬ মাৰ্চৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলৰ তিনি দিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত হ'ব দলটো ৷ ২৮ মাৰ্চলৈ অসমত থাকিব নিৰ্বাচন আয়োগৰ দলটো (ECI team visits Assam to discuss on constituency delimitation) ৷
ভাৰতীয় নিৰ্বাচন আয়োগৰ দলটোৱে অসমত চলি থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত ৰাজ্যখনৰ দল-সংগঠন আৰু জনসাধাৰণৰ আশা-আকাংক্ষাৰ বুজ লোৱাৰ উদ্দেশ্যৰে অসম ভ্ৰমণ কৰিব দলটোৱে ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলে ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভিন্ন পৰ্যায়ৰ লোকৰ সৈতে আলোচনা কৰিবলৈ অসম ভ্ৰমণ কৰাৰ সিদ্ধান্ত শনিবাৰে এক বিবৃতি যোগে সদৰী কৰে (Constituency Delimitation of Assam) ৷
ৰাজ্যৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগৰ অসম ভ্ৰমণলৈ অহা পূৰ্ণ বিচাৰপীঠে ৰাজনৈতিক দল, সাধাৰণ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ মতামত লব ৷ বিবৃতিটোত কোৱা হৈছে যে এই সময়ছোৱাত আয়োগে ৰাজনৈতিক দল, জনপ্ৰতিনিধি, নাগৰিক সমাজ, সামাজিক সংগঠন আদিৰ সৈতে আলোচনাত মিলিত হ’ব । জিলা জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰি প্ৰত্যক্ষ তথ্য সংগ্ৰহ কৰিব নিৰ্বাচন আয়োগৰ দলটোৱে (Election Commision of India) ৷
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এতিয়াও ৰাজ্যৰ বিভিন্ন পৰ্যায়ত প্ৰতিবাদ, প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ উল্লেখ্য যে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই বিবৃতিযোগে জনায় যে প্ৰথম বাৰৰ বাবে নিৰ্বাচন আয়োগে খচৰা প্ৰকাশৰ আগতে জনমত গ্ৰহণৰ বাবে কোনো ৰাজ্যলৈ আহিব ৷ আনহাতে খচৰা প্ৰকাশৰ পিচতো পুনৰ জনমত গ্ৰহণৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল (Chief Election Commissioner of India) ৷