গুৱাহাটী, ১১ আগষ্ট: চৰ্চা কৰাৰ দৰেই শুকুৰবাৰৰ পৰা সলনি হ’ল অসমৰ ৰাজনৈতিক মানচিত্ৰ । অৱশেষত প্ৰকাশ পালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে আবেলি প্ৰকাশ কৰিলে ৰাজ্যখনৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ চূড়ান্ত সীমা নিৰ্ধাৰণ আদেশ প্ৰকাশ কৰে ৷
নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পিচত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ দাবী-প্ৰতিবাদ আৰু মতামত-পৰামৰ্শৰ পিচত নিৰ্বাচন আয়োগে এই চূড়ান্ত তালিকা আজি প্ৰকাশ কৰে ৷ এক বিবৃতিযোগে আয়োগে জনায় যে 1200 তকৈ অধিক প্ৰতিনিধিৰ পৰা পোৱা পৰামৰ্শ-মতামত খচৰা চূড়ান্ত কৰাৰ পূৰ্বে বিবেচনা কৰা হৈছে ৷ আয়োগৰ দাবী, লাভ কৰা পৰামৰ্শ আৰু আপত্তিৰ ৪৫ শতাংশ সমাধান কৰা হৈছে চূড়ান্ত আদেশত ৷
চূড়ান্ত তালিকাত নিৰ্বাচন আয়োগে ১৯ টা বিধানসভা সমষ্টি আৰু ১ টা সংসদীয় সমষ্টিৰ বৰ্তমানৰ নামকৰণ সংশোধন ঘটাইছে ৷ খচৰাত দিয়া প্ৰস্তাৱৰ দৰেই অসমৰ বিধানসভাৰ আসনৰ সংখ্যা ১২৬ খন আৰু লোকসভাৰ আসন ১৪ খনেই ৰখা হৈছে ৷ এই চূড়ান্ত তালিকাত ১৯ টা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ৷ আনহাতে ১৪ টা লোকসভা সমষ্টিৰ ২ টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ৷
ইফালে ৯ টা বিধানসভা সমষ্টি আৰু ১ টা লোকসভা সমষ্টিৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে ৷ নিৰ্বাচন আয়গে জাৰি কৰা আদেশ অনুসৰি মানকাচৰ সমষ্টিৰ নতুন নাম সলনি হৈ হ’ল বীৰসিং জাৰোৱা, পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টিৰ নাম হ’ল মানকাচৰ, মাণিকপুৰ সমষ্টিৰ নাম হ’ল সৃজনগ্রাম, পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ নাম হ’ল ভৱানীপুৰ-সৰভোগ, ৰূপহী সমষ্টিৰ নাম হ’ল পকাবেতবাৰী ।
আনহাতে বকো সমষ্টিৰ নতুন নাম হ’ব বকো-ছয়গাঁও । প্ৰকাশিত চূড়ান্ত তালিকা অনুসৰি বকো-ছয়গাঁও সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ব । ইপিনে পূৰ্বৰ হাজো সমষ্টিৰ নতুন নাম হ’ল হাজো-শুৱালকুচি । খচৰাত থকা গোৱৰ্ধনা সমষ্টিৰ নতুন নাম মানস ৰখা হৈছে । বটদ্ৰৱা সমষ্টিৰ নতুন নাম হ’ব ধিং । নগাঁও সমষ্টিৰ নতুন নাম হ’ব নগাঁও-বটদ্ৰৱা । নাম সলনি হ’ল চতিয়া সমষ্টিৰো ৷ চতিয়া সমষ্টিৰ নতুন নাম হ’ব ন-দুৱাৰ ।
খচৰাত চাবুৱা সমষ্টিটো নোহোৱা হোৱাৰ পিচত ক্ষোভৰ জুই জ্বলিছিল ৷ এতিয়া চূড়ান্ত তালিকাত উজনিৰা চাবুৱা সমষ্টিৰ নতুন নাম চাবুৱা-লাহোৱাল হ’ল । আকৌ মৰাণ সমষ্টিৰ নাম বিলুপ্তি ঘটি নতুন নাম হ’ল খোৱাং । খচৰাৰ ডিমা হাছাওৰ নাম হাফলং হিচাবেই থাকিল ৷ পূৰ্বৰ দৰেই এই সমষ্টি সংৰক্ষিত হ’ব অনুসূচিত জনজাতিৰ বাবে । লগতে বৰাক ভেলীৰ আলগাপুৰ সমষ্টিৰ নতুন নাম হ’ব আলগাপুৰ-কাটলিছেৰা ।