গুৱাহাটী, ১৩ জুলাই :অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে । ইয়াৰ মাজতে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে শুনানি গ্ৰহণৰ উদ্দেশ্যে ১৯ জুলাইত অসমলৈ আহিব । তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোৱে কেইবাটাও পৰ্যায়ত জিলা ভিত্তিত শুনানি গ্ৰহণ কৰিব ।
উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ২০ জুনত প্ৰকাশ কৰিছিল । আনহাতে নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰা সন্দৰ্ভত পৰামৰ্শ তথা ওজৰ-আপত্তি দিয়াৰ বাবে ১১ জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । ইতিমধ্যে সেই সময়সীমা উকলি গৈছে । নিৰ্বাচন আয়োগে জনোৱা মতে তেওঁলোকে ইতিমধ্যে নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ৫০০ পৰামৰ্শ আৰু ওজৰ-আপত্তি লাভ কৰিছে । সেই পৰামৰ্শ আৰু ওজৰ-আপত্তি সমূহৰ ভিত্তিত নিৰ্বাচন আয়োগৰ দলে ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ সংশ্লিষ্ট পক্ষৰ শুনানি গ্ৰহণ কৰিব ।
গুৱাহাটীৰ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই শুনানি গ্ৰহণ কৰা হ’ব । ১৯ জুলাইৰ বিয়লি ৩ বজাত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ শুনানি গ্ৰহণ কৰা হ’ব । আনহাতে ২০ জুলাইৰ পুৱা ৯.৩০ বজাৰ পৰা ১২ বজালৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাৰ শুনানি গ্ৰহণ কৰা হ’ব । দুপৰীয়া ১২ বজাৰ পৰা দিনৰ ২ বজালৈ কামৰূপ, কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ, মৰিগাঁও আৰু দৰং জিলাৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগৰ দলে । সেইদিনাই বিয়লি ৩.৩০ বজাৰ পৰা ৰাজনৈতিক দল সমূহৰে সৈতে মুখামুখি হৈ তেওঁলোকৰ অভাৱ-অভিযোগ তথা পৰামৰ্শসমূহ শুনিব নিৰ্বাচন আয়োগৰ দলে ।