গুৱাহাটী, 12 এপ্ৰিল :গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে 13 এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে একেলগে প্ৰদৰ্শন কৰিব বিহুনাচ । সৰুসজাইৰ 14 এপ্ৰিলৰ মূল অনুষ্ঠানত গীনিজ বুকৰ প্ৰমাণ পত্ৰ লাভৰ বাবে এদিন পূৰ্বে গীনিজ ৰেকৰ্ডৰ বাবে বিহুৱা-বিহুৱতীসকলে বিহুনাচ প্ৰদৰ্শন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলযোগে উল্লেখ কৰে ৷ উল্লেখ্য যে আজি বিয়লি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam cabinet at Janta Bhawan) ।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত সদৰি কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মূল অনুষ্ঠানটো অনুষ্ঠিত হ'ব । যিটো অনুষ্ঠানৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সেই অনুষ্ঠানত যাতে গীনিজ বুকৰ প্ৰমাণ পত্ৰখন লাভ কৰিব পৰা যায় তাৰ বাবে এদিন পূৰ্বে বিহুনাচৰ অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় (CM Himanta Biswa Sarma on Bihu)।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গীনিজ ৰেকৰ্ডৰ বাবে 13 এপ্ৰিলৰ বিয়লি 5.30 বজাৰ পৰা 6.30 বজালৈ 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ । মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীবাসী ৰাইজক 13 এপ্ৰিলৰ অভিলেখ সৃষ্টিৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে আহ্বান জনায় ইয়াৰ বাবে কোনো ধৰণৰ প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাই বুলি জানিবলৈ দিয়ে (Bihu dance for World record) ।
কেৱল 14 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী মোডী উপস্থিত থকা দিনা প্ৰৱেশ পত্ৰৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 13 এপ্ৰিলৰ দিনা বিহুনাচৰ লগতে ঢোল বাদনৰ বাবেও গীনিজ ৰেকৰ্ড কৰা হ'ব বুলি জানিবলৈ দিয়ে । একেলগে তিনি হাজাৰ ঢুলীয়াই ঢোল বাদনত অংশগ্ৰহণ কৰিব । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিহুনাচৰ বিশাল অনুষ্ঠানটোত অংশ লোৱা 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীক অসম চৰকাৰৰ তৰফৰ পৰা 25 হাজাৰকৈ টকাৰ বৰঙণি আগবঢ়োৱা হ'ব । এই বৰঙনি মাষ্টাৰ ট্ৰেইনাৰ সকলৰ লগতে ৰিজাৰ্ভত থাকি যোৱা 400 মান বিহুৱা-বিহুৱতীকো প্ৰদান কৰা হ'ব (Press meet on World Records through Bihu) ।