অসম

assam

ETV Bharat / state

Compensation to flood affected family: ২০ জুলাইৰ পাছত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে পাব ৩,৮০০ টকাকৈ - Assam flood situation

প্ৰতিটো পৰিয়ালক বস্ত্ৰ, ঘৰুৱা আচবাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ দিয়াৰ বাবে কৰা হৈছে তালিকা(Assam flood compensation) । সমগ্ৰ সাহায্য প্ৰদান তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য । কিতাপ-পত্ৰকে ধৰি প্ৰয়োজনীয় শিক্ষণ আচ-বাব বানত বিনষ্ট হোৱা শিক্ষাৰ্থীসকলক চৰকাৰে দিব এহাজাৰকৈ টকা ।

Assam flood compensation
২০ জুলাইৰ পাছত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে পাব ৩,৮০০ টকাকৈ

By

Published : Jul 13, 2022, 10:20 PM IST

গুৱাহাটী, ১৩ জুলাই: ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ যথেষ্ট উন্নত হৈছে যদিও বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্গতিৰ অন্ত পৰ‍া নাই । বছৰটোত দুবাৰকৈ হোৱা বানত ৰাজ্যৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ-ভেঁটি উছন হৈ পৰিছে । পানী কমিছে যদিও বৰ্নাত্যৰ সমস্যা কমা নাই ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি(Assam flood situation) আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্তসকলক এইক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা দিছিল । বানপানীৰ ক্ষয়ক্ষতি, সাহায্য-সামগ্ৰী প্ৰদান সম্পৰ্কত লোৱা ব্যৱস্থাৱলীৰ বিতং বুজ লৈ বানত প্ৰভাৱিত হোৱা কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিৰ্দেশ দিছিল ।

কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো ঠায়ে ঠায়ে বানাক্ৰান্ত ৰাইজে বান সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । ইফালে চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ, মথাউৰি তথা নিৰাপদ স্থানত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰতিটো পৰিয়ালক বস্ত্ৰ, ঘৰুৱা আচ-বাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ দিয়াৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam flood compensation) । ইয়াৰ বাবে এনে লোকসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে ।

ইতিমধ্যে এই সন্দৰ্ভত গৃহ জৰীপ কাৰ্য চলাই থকা হৈছে । জানিব পৰা মতে ১৫ জুলাইৰ ভিতৰত এই তালিকা প্ৰস্তুত কৰা হ’ব । এই তালিকাখন প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তথা সচিবে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি ইয়াৰ সত্যাসত্য নিৰূপণ কৰিব । ২০ জুলাইৰ পিছত গৃহ ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্যৰ ধনৰাশি প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে । অৱশ্যে এই ধনৰাশি ক্ষতিগ্ৰস্ত কিমানটা পৰিয়ালে লাভ কৰিব সেয়া ২০ জুলাইৰ পাছতেহে জানিব পৰা যাব ।

ইফালে বানত ক্ষতিগ্ৰস্ত হোৱা পশুধন, তাঁতশাল ধৰি অন্যান্য সামগ্ৰী বা কোনো ব্যক্তি যদি বানত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই সন্দৰ্ভতো এখন তালিকা প্ৰস্তুতৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল । সমগ্ৰ সাহায্য প্ৰদান তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো ১৫ আগষ্টৰ ভিতৰত যাতে সম্পূৰ্ণ হয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ।

আনহাতে শিবিৰ অথবা অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰি থকা বান প্ৰভাবিত ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰকে ধৰি প্ৰয়োজনীয় শিক্ষণ আচ-বাব পত্ৰ বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যয়নৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে তেনে শিক্ষাৰ্থীসকলক ১,০০০ টকাকৈ প্ৰদান কৰিব । এইক্ষেত্ৰত ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুতৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে ।

চৰকাৰীভাৱে বানাক্ৰান্তৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে যদিও বাস্তৱত সেইবোৰ কিমান দূৰ কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব । কাৰণ বানাক্ৰান্ত ৰাইজে সাহায্য নোপোৱাৰ কথাটো নতুন নহয় । উল্লেখ্য যে চৰকাৰী তথ্যমতে আজিও ৰাজ্যৰ ৭ খন জিলাৰ আঢ়ৈ লাখ লোক বানৰ কবলত আছে । বিগত ২৪ ঘণ্টাত বানত এজন লোকৰ মৃত্যু হৈছে (Death toll Assam flood)।

লগতে পঢ়ক:Brahmaputra river erosion: লুইতক ভেটিব কোনে ?

ABOUT THE AUTHOR

...view details