ৰাজ্যত বলবৎ ডিজিটেল ই-চালান - e-challan in guwahati
কোনোবাই যদি গান শুনিবৰ বাবে হেলমেত পৰিধান কৰা নাই কোনোবাই আকৌ কৰ্তব্যৰ পৰা উভতাৰ বাবে পৰিধান কৰা নাই হেলমেত । মুঠতে কিমানৰ যে কিমান অজুহাত, কৈ থাকিলে ওৰকে নপৰে অজুহাতৰ তালিকা ।
আমিনগাঁও, 7 নবেম্বৰ: ৰাজ্যত বলবৎ হৈ আছে কঠোৰ যান বাহন আইন । কিন্তু যান বাহন আইন ভংগ কৰাৰ অজুহাতৰ অন্ত নাই৷ কোনোবাই যদি গান শুনিবৰ বাবে হেলমেত পৰিধান কৰা নাই কোনোবাই আকৌ কৰ্তব্যৰ পৰা উভতাৰ বাবে পৰিধান কৰা নাই হেলমেত । মুঠতে কিমানৰ যে কিমান অজুহাত, কৈ থাকিলে ওৰকে নপৰে অজুহাতৰ তালিকা । কামৰূপ জিলাৰ আমিনগাঁৱত এই সকল আইন ভংগকাৰীক ডিজিটেল পদ্ধতিৰ জৰিমনা বিহিলে জিলা পৰিবহন বিষয়া গৌতম দাসে । বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হৈছে ডিজিটেল ই-চালান প্ৰক্ৰিয়া । এতিয়াৰ জৰিমনা বিহীবলৈ এতিয়া পৰিবহন বিষয়াৰ হাতত থাকিব এক বিশেষ ডিভাইজ । যি ডিভাইছ যোগে অনলাইন যোগে আপলোড কৰা হয় আইন ভংগকাৰী ফটোসহ নথিপত্ৰ । পৰৱৰ্তী সময়ত আইন ভংগকাৰীক দুগুন জৰিমনা বিহাৰ লগতে বাতিল হ'ব পাৰে গাড়ী চালকৰ অনুজ্ঞাপত্ৰ । এই ই-চালান প্ৰক্ৰিয়া প্ৰথম অৱস্থাত অসমৰ 4 খন জিলাত প্ৰযোজ্য কৰা হ’ব ৷ এই জিলাকেইখন ক্ৰমে কামৰূপ(ম), কামৰূপ গ্ৰাম্য, উজনি অসমত ডিব্ৰুগড় আৰু বৰাক উপত্যকা ৷