গুৱাহাটী,12 নৱেম্বৰঃ অসমৰ আৰক্ষী ব্যৱস্থাত এক নৱতম সংযোজন ৷ বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱালে গুৱাহাটীত Virtual Court and e-Challan Project-ৰ শুভ উদ্বোধন কৰে। ইয়াৰ যোগেদি এক কেন্দ্ৰীভূত ট্ৰেকিং ব্যৱস্থাৰ অধীনত যান-বাহন বিধি উলংঘাকাৰীয়ে ক'ৰ্টলৈ নোযোৱাকৈ ডিজিটেলী জৰিমনা দিব পাৰিব। এই ই-চালান ব্যৱস্থাই ট্ৰেফিক ব্যৱস্থাপনা আৰু ৰাজহ সংগ্ৰহত স্বচ্ছতাৰ সূচনা কৰিব আৰু সংগৃহীত ধনৰাশি স্বয়ংক্ৰিয়ভাৱে অসম ৰাজ্যিক কোষাগাৰত জমা হ'ব।
অসম আৰক্ষীত এক নৱতম সংযোজন - অসম ৰাজ্যিক কোষাগাৰত জমা হ'ব
যান-বাহন বিধি উলংঘাকাৰীয়ে ক'ৰ্টলৈ নোযোৱাকৈ ডিজিটেলি জৰিমনা দিব পাৰিব। এই ই-চালান ব্যৱস্থাই ট্ৰেফিক ব্যৱস্থাপনা আৰু ৰাজহ সংগ্ৰহত স্বচ্ছতাৰ সূচনা কৰিব আৰু সংগৃহীত ধনৰাশি স্বয়ংক্ৰিয়ভাৱে অসম ৰাজ্যিক কোষাগাৰত জমা হ'ব।
প্ৰথমাৱস্থাত গুৱাহাটীত এইয়া পাইল'ট প্ৰজেক্ট হিচাপে আৰু প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১ খন জিলাত এই অত্যাধুনিক ব্যৱস্থা ৰূপায়িত হ'ব। উল্লেখ্য যে- এই বিশেষ ব্যৱস্থা ৰূপায়ণ কৰা অসমেই হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ৰাজ্য। বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশদ্বয় শ্ৰী ধনঞ্জয় ৱাই চন্দ্ৰসুৰ আৰু শ্ৰী হৃষীকেশ ৰয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ শ্ৰী এন কোটেশ্বৰ সিং, মুখ্য সচিব জিষ্ণু বৰুৱা,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে প্ৰমুখ্যে কৰি বহু লোক উপস্থিত থাকে ৷
লগতে পঢ়কঃ বিটিচিত উৰিব বিজেপিৰ বিজয়ধ্বজা: ৰঞ্জিত দাস