অসম

assam

ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম - dysfunctional condition of the atm's of state bank of india

গ্ৰাহকৰ সুবিধাৰ্থে ভাৰতীয় ষ্টেট বেংকে প্ৰতিখন গাঁও, চহৰ, নগৰতে স্থাপন কৰিছিল এ.টি.এম ৷ কিন্তু সম্প্ৰতি প্ৰায় সকলোবোৰ এ.টি.এমেই পৰিণত হৈছে মৰিচিকালৈ ৷ কোনোটো এ.টি.এম যদি ভাল হৈ আছে তাত আকৌ নাই ধন ৷ যি দুই এটা এ.টি.এমত টকা থাকে, তাৰো এ.টি.এম মনিটৰৰ চুইচ বেয়া ৷

ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম
ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম

By

Published : Dec 6, 2020, 7:20 PM IST

গুৱাহাটী, 6 ডিচেম্বৰ:ভালুকৰ সাঙীত পৰিণত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এমসমূহ ৷ যিটো এ.টি.মলৈকে যায় সেইটোৱে হয়তো বা বিকল নহ'লে আউট অৱ কেছ ৷ গ্ৰাহকৰ সুবিধাৰ্থে ভাৰতীয় ষ্টেট বেংকে প্ৰতিখন গাঁও, চহৰ, নগৰতে স্থাপন কৰিছিল এ.টি.এম ৷ যাৰ পাচতে গ্ৰাহকসকলৰ মনত আশাৰ সঞ্চাৰ হৈছিল যে, এতিয়াৰে পৰা তেওঁলোকে আৰু বেংকৰ বিৰক্তিকৰ দীঘলীয়া লাইনৰ পৰা হাত সাৰিব পাৰিব ৷ পাচে নহ'ল ৷ মৰিচিকাত পৰিণত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম ৷

ভালুকৰ সাঙীত পৰিণত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম

সম্প্ৰতি টকা জমা কৰিবলৈ বা উলিয়াবলৈ অহা গ্ৰাহকসকলে এ.টি.এমত সোমাইয়েই সন্মুখীন হ'বলগীয়া হৈছে অবাঞ্চিত পৰিস্থিতিৰ ৷ গৰিষ্ঠসংখ্যক এ.টি.এমেই সম্প্ৰতি পৰি ৰৈছে বিকল অৱস্থাত ৷ কোনোটো এ.টি.এম যদি ভাল হৈ আছে তাত আকৌ নাই ধন ৷ যি দুই এটা এ.টি.এমত টকা থাকে, তাৰো এ.টি.এম মনিটৰৰ চুইচ বেয়া ৷ যাৰ ফলত বিফল হৈ গ্ৰাহকসকল যাব লাগে অন্য বেংকৰ এ.টি.এমলৈ ৷

সকলোবোৰ এ.টি.এমেই পৰিণত হৈছে মৰিচিকালৈ

আনহাতে এ.টি.এমৰ নাই চাফ-চিকুণতাও ৷ শীত-তাপ নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এমৰ থাকে মাথো ভগা এ.চিৰ বাকচ ৷ এনেবোৰ সমস্যাৰ বাবে বিৰক্ত হৈ পৰা গ্ৰাহকসকলে সম্প্ৰতি কতৃপক্ষক বিচাৰিছে বিহিত ব্যৱস্থা ৷ অন্যথা অতি শীঘ্ৰেই "আছে গৰু নাবায় হাল সেই গৰু হোৱাতকৈ নোহোৱাই ভাল" উক্তিশাৰী সত্য প্ৰমাণিত হোৱাৰ পথত ষ্টেট বেংকৰ এ.টি.এমৰ ক্ষেত্ৰত ৷

লগতে পঢ়ক:খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী

ABOUT THE AUTHOR

...view details