গুৱাহাটী, ১৪ জুন: অম্বুবাচী মেলাৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ গুৱাহাটীৰ বিদ্য়ালয়সমূহক নিৰ্দেশ দিয়াৰ পাছত এইবাৰ ৩১ খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচী মেলাৰ কামত ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ নিৰ্দেশত শিক্ষা বিভাগে জাননী জাৰি কৰিছে । শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিবলৈ ওলোৱা এই কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ (ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটীয়ে তীব্ৰ বিৰোধিতা কৰিছে । ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটীয়ে শিক্ষকৰ লগতে চৰকাৰক এই কামৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে ।
এই সন্দৰ্ভত সংগঠনটোৰ সম্পাদক ৰিতু ৰঞ্জন দাসে কয় যে অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা অনুষ্ঠিত হ'ব । এই মেলা উপলক্ষে চৰকাৰৰ নিৰ্দেশত ২১ জুনৰ পৰা ২৭ জুনৰ ভিতৰত বিদ্যালয়ৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ (মহানগৰ) স্কুল পৰিদৰ্শকে নিৰ্দেশ জাৰি কৰিছিল । এই সন্দৰ্ভত ইমানতে ক্ষান্ত নাথাকি মঙলবাৰে পুনৰ ৩১ খন বিদ্যালয়লৈ নিৰ্দেশ জাৰি কৰিছে য'ত উল্লেখ কৰা হৈছে যে প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ জন আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৩ জনকৈ শিক্ষকে অম্বুবাচী মেলাৰ দায়িত্ব পালন কৰিব লাগিব ।