গুৱাহাটী, ১৫ছেপ্টেম্বৰ:ৰাজ্যৰ ৩০ লক্ষাধিক নিবনুৱাৰ সংস্থাপন, নিযুক্তি প্ৰক্ৰিয়াত আৰম্ভ হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি বৃহস্পতিবাৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ(DYFI)অসম ৰাজ্যিক কমিটীয়ে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসুচীত আৰক্ষীয়ে তীব্ৰ বাধা দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (DYFI protest in Assam)। ৰাজ্যিক সম্পাদক(State Secretary of DYFI)ৰিতু ৰঞ্জন দাসে এই বিষয়ে সদৰী কৰি কয় যে গোৱালপাৰা,বঙাইগাঁও,বৰপেটা,নলবাৰী,কামৰূপ,তামুলপুৰ,কামৰূপ,নগাঁও,কাছাৰ আদি জিলাত আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
উক্ত প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহণ কৰাৰ সময়ত গুৱাহাটীত ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসক আটক কৰাৰ লগতে বৰপেটাত ৰাজ্যিক সভাপতি ৰুস্তম আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(DYFI protester arrest in Assam)। তদুপৰি বৰপেটাত ৰাজ্যিক উপ-সভাপতি তথা জিলা সভাপতি কাৰ্তিক বড়ো,ৰাজ্যিক সদস্য জনক দাস,সদস্য সঞ্জীৱ দাসসহ শতাধিক প্ৰতিবাদকাৰীক আটক কৰে । একেদৰে নলবাৰী জিলাত ৰাজ্যিক যুটীয় সম্পাদক তথা জিলা সম্পাদক কুলজিৎ কলিতা আৰু টিহু আঞ্চলিক কমিটীৰ সম্পাদক দীনেশ ঠাকুৰীয়াসহ শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি আবদ্ধ কৰি ৰাখে ।
আৰক্ষী বাহিনীৰ এই স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক আচৰণক ডি ৱাই এফ আইয়ে ধিক্কাৰ জনাইছে । ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে অপৰাধীৰ পক্ষলৈ কাম কৰা বুলি অভিযোগ কৰিছে । তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধেও নিযুক্তিৰ নামত ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । সভাপতি কলিতাই পূৰ্বে জলসিঞ্চন মন্ত্ৰী হৈ থকা সময়ত নিযুক্ত হোৱা ৬৪৩ টা পদৰ নিযুক্তিত গুৰুতৰ অনিয়ম হোৱা বুলি অভিযোগ উঠিছে ।