অসম

assam

ETV Bharat / state

Irregularities in recruitment process: নিযুক্তি প্ৰক্ৰিয়াৰ অনিয়মৰ তদন্ত বিচাৰি ৰাজ্যপালক সাক্ষাৎ DYFIৰ - Press Meet of DYFI in Guwahati

ৰাজ্যপালক সাক্ষাৎ ভাৰতৰ যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটীৰ । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৪১,৭০৩ টা খালী পদৰ নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ দাবী ।

dyfi meet assam governo
ভাৰতৰ যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটী

By

Published : Jul 10, 2023, 7:17 PM IST

ভাৰতৰ যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটী

গুৱাহাটী, ১0 জুলাই: অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৪১,৭০৩ টা খালী পদৰ নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়াত হোৱা অনিয়মৰ তদন্ত বিচাৰি সোমবাৰে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰে ভাৰতৰ যুৱ ফেডাৰেছনৰ (ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটীয়ে । ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস, যুটীয়া সম্পাদক নিৰংকুশ নাথ, দুই নিযুক্তি বঞ্চিত প্ৰাৰ্থী প্ৰাণজ্যোতি নাথ আৰু পাৰ্থজ্যোতি বৰ্মনে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়াৰ আসোঁৱাহ সম্পৰ্কত আলোচনা কৰে ।

এই সন্দৰ্ভত গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক ৰিতু ৰঞ্জন দাসে কয় যে চৰকাৰে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যোৱা ২৫ জুনত ৪১,৭০৩ টা খালী পদৰ বিপৰীতে নিযুক্তি পত্ৰ প্ৰদান কৰে । কিন্তু এই প্ৰক্ৰিয়াত অভাৰলেপিং হৈ প্ৰায় আধা সংখ্যক পদেই পূৰণ নহ'ল । ফলত বহু যুৱক-যুৱতী চাকৰি লাভৰ পৰা বঞ্চিত হয় ।

তেওঁলোকে কয় যে চৰকাৰে আজিলৈকে কিমান সংখ্যক প্ৰাৰ্থীয়ে চাকৰিত যোগদান কৰিলে আৰু কিমান সংখ্যক পদ খালী হৈ ৰ'ল তাৰ সবিশেষ তথ্য প্ৰকাশ নকৰিলে । তদুপৰি চতুৰ্থ বৰ্গৰ পদৰ বাবে সৰ্বোচ্চ শিক্ষাগত যোগ্যতা আছিল উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । কিন্তু এতিয়া পোহৰলৈ আহিছে যে বৃহৎ সংখ্যক উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে কম অৰ্হতা দেখুৱাই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । আশ্চৰ্যকৰ কথা হৈছে যে চতুৰ্থ বৰ্গৰ পদত এম এ, এম এছ চি আৰু এম কম ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে আৱেদন কৰি চাকৰি ল'বলৈ সক্ষম হৈছে। ইয়াৰ ফলত চতুৰ্থ বৰ্গৰ পদৰ প্ৰকৃত যোগ্যতাধাৰী প্ৰাৰ্থীসকল বঞ্চনাৰ বলি হ'বলগীয়া হৈছে বুলিও তেওঁলোকে কয় ।

সংবাদমেলত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটীৰ যুটীয় সম্পাদক নিৰংকুশ নাথে কয় যে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ আন এক চিন্তনীয় দিশ হৈছে, চৰকাৰে আজিলৈ প্ৰাৰ্থীসকলৰ নাম তালিকা আৰু প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰিলে । স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা চৰকাৰখনে নিযুক্তিৰ নামত যে অস্বচ্ছ পদ্ধতি অবলম্বন কৰিছে সেয়া এই ঘটনাই প্ৰমাণ কৰিছে । ইয়াৰ মাজেৰে স্বজন তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই সমগ্ৰ অনিয়মৰ তদন্ত কৰা আৰু ৰৈ যোৱা আসোঁৱাহ দূৰ কৰাৰ বাবে চৰকাৰক হেঁচা দিবলৈ ৰাজ্যপালক সাক্ষাৎ কৰা হয় । ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰতিনিধি দলটোৰ লগত আলোচনা কৰি অভিযোগসমূহৰ বিষয়ে বুজ লয় আৰু মুখ্যমন্ত্ৰী আৰু নিযুক্তি ব'ৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি আশ্বাস দিছে বুলি নাথে সদৰী কৰে ।

লগতে পঢ়ক:Public Protest at Lahowal: আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্ত চিকিৎসাধীন

ABOUT THE AUTHOR

...view details