অসম

assam

ETV Bharat / state

উত্তৰ-পূৱ গ্ৰন্থমেলাত বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্ত - WISH I CODE TELL YOU

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ নৱম দিনটোত নৱ-প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় ইংৰাজী সাহিত্যৰ ভাৰতীয় ঔপন্যাসিক দূৰ্জয় দত্তৰে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ তেওঁৰ নৱতম গ্ৰন্থ WISH I COULD TELL YOU ৰ বিষয়ে পাঠকৰ আগত দাঙি ধৰে ৷

উত্তৰ-পূৱ গ্ৰন্থমেলাত বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্ত

By

Published : Nov 9, 2019, 11:30 PM IST

গুৱাহাটী, 9 নৱেম্বৰঃউত্তৰ-পূৱ গ্ৰন্থমেলাৰ নৱম দিনটোত নৱ-প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় ইংৰাজী সাহিত্যৰ ভাৰতীয় ঔপন্যাসিক দূৰ্জয় দত্তৰ মত বিনিময় অনুষ্ঠান ৷ গ্ৰন্থমেলাথলীৰ বিপনীয়ে বিপনীয়ে গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰাৰ লগতে গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানতো দেখা গৈছে দৰ্শকৰ ব্যাপক ভিৰ ৷ বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্তই মত-বিনিময় অনুষ্ঠানত বিশেষকৈ তেওঁৰ নৱতম গ্ৰন্থ WISH I COULD TELL YOU ৰ বিষয়ে পাঠকৰ আগত দাঙি ধৰাৰ লগতে তেওঁৰ নিজৰ জীৱনৰ বিভিন্ন কথা অৱগত কৰে উপস্থিত অনুৰাগীসকলক ৷

উত্তৰ-পূৱ গ্ৰন্থমেলাত বিশিষ্ট ৰোমান্টিক ঔপন্যাসিক দূৰ্জয় দত্ত

পেঙ্গুইন ৰেণ্ডম হাউছে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনতো এক সুন্দৰ প্ৰেম কাহিনী বিৰাজমান বুলি পঢ়ুৱৈৰ আগত তেওঁ উল্লেখ কৰে ৷ এই মত বিনিময় অনুষ্ঠানত কেনেকৈ প্ৰেমৰ উপন্যাস লিখাৰ বাবে আগ্ৰহী হ’ল আৰু তেওঁৰ জীৱনত সেইসমূহৰ প্ৰভাৱ কেনেকুৱা তাৰ ওপৰতো মত ব্যক্ত কৰে দূৰ্জয় দত্তই ৷

আৰু পঢ়কঃ অযোধ্যা বিবাদৰ ৰায়দানক আদৰণি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details