গুৱাহাটী, 8 অক্টোবৰ : উখল-মাখল মা কামাখ্যা ধাম । দেওবাৰৰ পৰা আৰম্ভ মা কামাখ্যা ধামত এপষেকযোৰা দুৰ্গা পূজা । দুৰ্গতিনাসিনীক আদৰিবলৈ সমগ্র ৰাজ্যতে ধুম ধামেৰে চলিছে প্ৰস্তুতি । দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী । পূজালৈ সাজু হৈছে ৰাজ্যবাসী । দেশৰ 51 খন দেৱীপীঠৰ অন্যতম এই মা কামাখ্যা ধামতো এতিয়া চলিছে দুৰ্গা পূজাৰ মহা আয়োজন ।
আজিৰ পৰা অৰ্থাৎ কৃষ্ণা নৱমীৰ দিনাৰ পৰা মা কামাখ্যা ধামত আৰম্ভ হৈছে শৰৎকালীন দুৰ্গা পূজা। মা কামাখ্যা ধামত প্ৰতিবছৰে এপষেকজোৰা দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় । আজিৰে পৰা অমাৱস্যালৈ একাদিক্ৰমে পূজা অব্যাহত থাকিব ৷ আনহাতে প্ৰতিপদৰ পৰা নৱমীলৈ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব নৱৰাত্রী পূজা । লগতে নৱৰাত্ৰীৰ প্ৰথম দিনাৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ’ব কুমাৰী পূজা । প্রথম দিনা এগৰাকী কুমাৰীক পূজা কৰা হ'ব, দ্বিতীয় দিনা দুগৰাকী, ঠিক তেনেদৰেক একাদিক্ৰমে নৱমীৰ দিনা 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব ।