অসম

assam

ETV Bharat / state

শক্তিপীঠ কামাখ্যাধামত আৰম্ভ হ'ল দুৰ্গোৎসৱ - মা কামাখ্যা ধাম

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মা কামাখ্যা ধামত এতিয়া উদুলি মুদুলি পৰিৱেশ ৷ 15 দিনীয়া কাৰ্যসূচীৰে শক্তিপীঠ কামাখ্যাত সোমবাৰৰ পৰা আৰম্ভ পৰম্পৰাগত দুৰ্গোৎসৱ ৷

শক্তিপীঠ কামাখ্যাত সোমবাৰৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পৰম্পৰাগত দুৰ্গোৎসৱ

By

Published : Sep 23, 2019, 5:27 PM IST

গুৱাহাটী, 23 ছেপ্টেম্বৰঃ শক্তিপীঠ কামাখ্যাত সোমবাৰৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পৰম্পৰাগত দুৰ্গোৎসৱ । শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মা কামাখ্যা ধামত এতিয়া উদুলি মুদুলি পৰিৱেশ ৷ পৰম্পৰা অনুসৰি, কৃষ্ণ পক্ষৰ নৱমীৰ পৰা শুক্ল পক্ষৰ দশমীলৈকে মা কামাখ্যা ধামত অনুষ্ঠিত হয় দুৰ্গা পূজা । সেই অনুসৰি সোমবাৰে পুৱা নিত্য পূজাৰ পাচতে আৰম্ভ হয় দুৰ্গোৎসৱ ।

ইফালে অহা 28 ছেপ্টেম্বৰৰ পৰা নিয়ম অনুসৰি অনুষ্ঠিত হ'ব নৱৰাত্ৰি ৷ নৱৰাত্ৰি সময়ছোৱাত প্ৰতিপদৰ পৰা নৱমীলৈ বিশেষভাৱে কুমাৰী পূজা পালন কৰা হয় ৷ এই পূজাত মুঠ 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব ৷ ইয়োৰোপৰি প্ৰতিবছৰৰ দৰেই এই বছৰো কামাখ্যা ধামত চাৰিটাকৈ মহ বলি দিব বুলি জানিব পৰা গৈছে ৷

শক্তিপীঠ কামাখ্যাত সোমবাৰৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পৰম্পৰাগত দুৰ্গোৎসৱ
আনহাতে দুৰ্গা পূজাৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰতো বিশেষ সালসলনি কৰা হৈছে । 23 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ পুৱা 8.30 বজাত ভক্তৰ বাবে খোলা থাকিব মন্দিৰৰ দুৱাৰ । ইয়াৰ বিপৰীতে দুপৰীয়া ভোগ নিবেদনৰ পাচত আবেলি সূৰ্যাস্তৰ পাছত বন্ধ কৰা থাকিব দুৱাৰ । উল্লেখযোগ্য যে, কামাখ্যা মন্দিৰত দেৱী দুৰ্গাৰ মূৰ্তি নাই যদিও ৰীতি অনুসৰি বিশেষ ভাৱে অংকন কৰা দেৱীৰ পদ দশমী দিনা বিসৰ্জন দিয়া হয় ৷

ABOUT THE AUTHOR

...view details