অসম

assam

ETV Bharat / state

ক'ত, কেনেকৈ চলিছে দুৰ্গা পূজাৰ আয়োজন ! - দেৱী দুৰ্গা

শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গা । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

দুৰ্গা পূজাৰ আয়োজন

By

Published : Sep 29, 2019, 10:25 PM IST

নিউজ ডেক্স,29 ছেপ্টেম্বৰঃ শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গতিনাশিনী মা দুৰ্গা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দেৱী দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি । সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হৈছে পূজা মণ্ডপসমূহৰ অঘোষিত প্ৰতিযোগিতা ৷

ৰাজ্যত দুৰ্গা পূজাৰ প্ৰস্তুতি

শনিবাৰৰ পৰা মহানগৰীৰ পাণ্ডু কলেজ গেট দুৰ্গা মন্দিৰত আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ। ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণেৰে শুভাৰম্ভণি কৰা হয় পূজাৰ । শুভাৰম্ভণি অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিয়ম অনুসৰি পুৱাৰে পৰা চলিব মা দুৰ্গাৰ আৰাধনা। তাৰোপৰি নৱৰাত্ৰি উপলক্ষে কুমাৰী পূজাৰো আয়োজন কৰিছে বুলিও জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । সেইদৰে এইবাৰ 40 বছৰত ভৰি দিয়া লতাশিল দুৰ্গা মণ্ডপ নিৰ্মাণ হব ৰাজ প্ৰসাদৰ আৰ্হিত ৷ 16 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'ব লগা পূজা ভাগক লৈ তৎপৰ হৈ পৰিছে এতিয়া উদ্যোক্তাসকল ।

লতাশিল দুৰ্গা পূজা সমিতিয়ে এইবাৰ প্ৰদূষণমুক্ত পূজা উদযাপন কৰাৰ বাবেও বিশেষ ব্যৱস্থা লৈছে । মণ্ডপ সুন্দৰকৈ সজোৱাৰ সমান্তৰালভাৱে গুৰুত্ব দিয়া হৈছে নিৰাপত্তাৰ দিশটোতো ৷ শান্তিপূৰ্ণভাৱে পূজা উদযাপনৰ বাবে পূজা মণ্ডপত লগোৱা চি চি টি ভি কেমেৰাও ৷ইফালে 50 বছৰত ভৰি দিছে নলবাৰীৰ বগলচ্ ৰোড চকৰ দুৰ্গাপূজাখনে ৷ পঞ্চাশ বছৰীয়া দুৰ্গাপূজাখনত 30 লাখ টকীয়া বাজেটৰে বিভিন্ন আলোকসজ্জা, বৃহৎ আকৃতিৰ গণেশ, প্ৰকাণ্ড গুহাৰ লগতে এখন আশ্ৰম তৈয়াৰ কৰি থকা হৈছে ৷

দুৰ্গা মা

মণ্ডপ সজ্জাৰ সমান্তৰালভাৱে ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰ ৷ প্ৰতিমাত শেষ পৰশ দিয়াৰ বাবে এতিয়া এনেদৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল । ধুবুৰীৰ প্ৰতিটো প্ৰতিমা কাৰখানাত সাজু কৰি তোলা হৈছে ভিন্ন প্ৰকাৰৰ দেৱী দুর্গাৰ প্ৰতিমা। ধুবুৰীৰ বি এন কলেজ ৰোডৰ এইখন সাৰদা ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিমা কাৰখানাত বিগত প্ৰায় পঞ্চাশ বছৰৰ পৰা প্ৰতিমা নির্মাণ কৰি থকা হৈছে । ইফালে প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়ত প্ৰতিমাৰ মূল্য বৃদ্ধি নোহোৱাক চিন্তিত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷

ABOUT THE AUTHOR

...view details