নিউজ ডেক্স , 4 অক্টোবৰঃসমগ্ৰ দেশতে আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত এতিয়া উখল মাখল পৰিবেশ ৷ ব্যতিক্ৰমীভাৱে আৰু নতুন ধাৰণাৰে পূজা মণ্ডপক সজাই তোলাৰ চেষ্টা প্ৰত্যেকখন পূজাৰ আয়োজক সমিতিৰ ৷ গছেৰে পৰিপূৰ্ণ এখন ব্যতিক্ৰমী দূর্গাপূজাৰ মণ্ডপেৰে পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা অনাৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে গোৱালপাৰা চহৰৰ চক বাজাৰ পূজা সমিতিয়ে ৷ প্ৰত্যেকজন ভক্তপ্ৰাণ ৰাইজক একোটাকৈ গছৰ পুলিৰে সম্ভাষণ জনোৱাৰো প্ৰশংসনীয় পদক্ষেপ পূজা সমিতিখনৰ ৷
ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, ডাঃ দূৰ্গা ফুকনৰ দৰে ব্যক্তিৰ সান্নিধ্যত গঢ় লৈ উঠা টীয়কৰ ঐতিহাসিক হাতখোলা সহায়ী মন্দিৰত হিন্দু ধৰ্মোৎসৱ সংঘৰ উদ্যোগত শক্তি নাশিনী দেবী দূৰ্গাৰ পূজাৰ ব্যাপক আয়োজন পূজা সমিতিৰ ৷ জাক জমকতাৰ পৰা আঁতৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে পূজাৰ আয়োজনেই হিন্দু ধৰ্মোৎসৱ সংঘৰ পূজাৰ বিশেষত্ব ৷
মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিশিষ্ট ঔপন্যাসিক, লেখক, শিক্ষাবিদ ৰিতা চৌধুৰী, নলবাৰী জিলা পৰিষদৰ সদস্যা ৰিতামনি ডেকাৰ উপস্থিতিত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, আদি কাৰ্যসূচীৰে ষষ্ঠীৰ দিনা পুৱা পূজাৰ কাৰ্যসূচী আৰম্ভ কৰিলে নলবাৰী জিলাৰ ককয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ আয়োজক সমিতিয়ে ।
আনহাতে বিলাসীপাৰাৰ আনন্দ নগৰ - বাঙালীপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ ভোটেৰকান্দা গাঁৱৰ গাঁও পঞ্চায়তৰ সভাপতি জামাল হকে হিন্দু ধৰ্মৰ দৰিদ্ৰ লোকৰ মাজত শাৰী, ধূতি, চোলা, পেন্ট আদি সামগ্ৰী বিতৰণ কৰি পৰিচয় দিয়ে মহানুভৱতাৰ ৷