অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি দূৰ্গা পূজাৰ আয়োজন - দূৰ্গা পূজা

ধৰালৈ মা দূর্গা আহিবলৈ মাজত মাথোঁ দুটা দিন ৷ সমগ্ৰ দেশৰ লগতে অসমতো পূজাৰ ব্যাপক আয়োজন ৷ দেৰগাঁৱত পূজা উপলক্ষে নতুন গীত মুকলি ৷ দেৰগাঁৱৰ পূজা মণ্ডপত নতুন ধাৰণাৰে প্ৰতিকী প্ৰতিবাদ ৷

ধৰালৈ মা দূর্গা আহিবলৈ মাজত মাথোঁ দুটা দিন

By

Published : Oct 3, 2019, 9:16 AM IST

Updated : Oct 3, 2019, 12:06 PM IST


নিউজ ডেক্স , 3 অক্টোবৰঃ শৰৎ ঋতুৰ আগমনে ধাৰালৈ আনিছে আনন্দৰ বন্যা ৷ দুৱৰিৰ দলিচাত শেৱালিৰ কোমল ৰঙা কলিটিয়ে বতৰা দিছে শৰৎ অহাৰ । শৰতৰ এই সুন্দৰ পৰিৱেশত আনন্দত আত্মহাৰা সকলো ৷ ধৰালৈ মা দুর্গা আহিবলৈ মাজত মাথোঁ দুটা দিন ৷ সমগ্ৰ দেশবাসীয়ে মা দুর্গাৰ চৰণত আশীষ লবলৈ উৎসাহিত হৈ পৰিছে । মৃৎ শিল্পী সকলে সাজু কৰি তুলিছে দুৰ্গাৰ মৃণ্ময় মূৰ্তি সমূহ ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বাক্সা , গোলাঘাট জিলা আৰু নলবাৰী জিলাতো পূজাক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷

শৰৎ ঋতুৰ আগমনে ধৰালৈ আনিছে উৎসাহৰ বন্যা

ইফালে পূজা উপলক্ষে দেৰগাঁৱত এক বিশেষ গীতৰ উন্মোচন কৰা হয় ৷ মঙলবাৰে সংগীত শিল্পী ইৰফানে " পূজা পূজা " শীৰ্ষক এই নতুন গীতটি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে ৷ আপকুৰ গোলাঘাট জিলা সমিটিৰ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীয়ে আঁত ধৰা এক অনুষ্ঠানত গীতটি মুকলি কৰে দেৰগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত বৰা , বিজ্ঞানী চি.এন শইকীয়া আৰু সাংবাদিক ৰাজেন পূজাৰী আৰু ৰাজমোহন শৰ্মাই ।

শৰৎ ঋতুৰ আগমনে ধৰালৈ আনিছে উৎসাহৰ বন্যা

আনহাতে দৰং জিলাৰ ব্যৱসায়ীক নগৰ হিচাপে খ্যাত খাৰুপেটীয়াত ২৫ বছৰ গৰকা 'ট্ৰাইগাৰ ক্লাৱ'ৰ পূজা মণ্ডপটি এক ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰি ভক্তক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে ৷ প্ৰায় ৮ লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কাৰ্য চলাই থকা আয়োজক সকলে দলগাঁও সমষ্টিৰ দীৰ্ঘদিনীয়া মূল সমস্যা সমূহ প্ৰতিবাদ অবিহনে পূজা মণ্ডপত উপস্থাপন কৰি জিলাবাসীৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰিছে । বাস্তৱত ৰে'লৰ উকি নুশুনা দৰঙবাসী ৰাইজে ৰে'লৰ উকি শুনিবলৈ পাব খাৰুপেটীয়াৰ ট্ৰাইগাৰ ক্লাৱ দূৰ্গা পূজা মণ্ডপত ।

পূজা উপলক্ষে দেৰগাঁৱত নতুন গীত মুকলি

মহানগৰীতো সম্পূৰ্ণ হৈ উঠিছে পূজাৰ সকলো প্ৰস্তুতি ৷ ১০৯ বছৰত ভৰি দিয়া পাণ্ডু পূজা কমিটিয়ে ১৮ লাখ টকা ব্যয় সাপেক্ষে চলাইছে পূজাৰ আয়োজন ৷ পূৰ্বৰ নাৱৰীয়াসকলে আয়োজন কৰা এই পূজাখনৰ ঐতিহ্য আজিও ধৰি ৰাখিছে পাণ্ডুবাসীয়ে ৷

লগতে পঢ়কঃ কাশ্মীৰ সমস্যা সমাধানৰ আহ্বান নিৰাপত্তা পৰিষদৰ

Last Updated : Oct 3, 2019, 12:06 PM IST

ABOUT THE AUTHOR

...view details