অসম

assam

জেমছ কেমেৰুণৰ দেশী "অৱতাৰ" চাবলৈ আহক গুৱাহাটীলৈ

By

Published : Sep 21, 2019, 11:51 PM IST

2009 চনত বিখ্যাত চিত্ৰ নিৰ্মাতা জেমছ কেমেৰুণে নিৰ্মাণ কৰিছিল অৱতাৰ কথাছবিখন ৷ সেইখন কথাছবিকে দেশীয় ৰূপত উপস্থাপন কৰিবলৈ যোজা চলিছে মহানগৰীত ৷ ৰাজ্যৰ বিশিষ্ট মৃৎশিল্পী নুৰুদ্দিন আহমেদৰ প্ৰচেষ্টাত চলি আছে দেশীয় "অৱতাৰ" ছবিৰ নিৰ্মাণকাৰ্য ৷

মহানগৰীত দূৰ্গাপূজাৰ প্ৰস্তুতি তুংগত

গুৱাহাটী, 21 চেপ্তেম্বৰঃ শৰতৰ আগমনে ধৰাৰ বুকুলৈ লৈ আনিছে নতুনৰ সমাহাৰ ৷ শৰতৰ আগমনে শাৰদীয় উৎসৱৰ বতৰা লৈ প্ৰতিজনৰে মন চুই গৈছে ৷ এনে সময়তে গুৱাহাটীত চেষ্টা চলোৱা হৈছে হলিউদৰ প্ৰখ্যাত কথাছবি নিৰ্মাতা জেমছ কেমেৰুণ নিৰ্দেশিত "অৱতাৰ" ছবিক দেশীয় ৰূপত উপস্থাপনৰ ৷ ৰাজ্যৰ বিশিষ্ট মৃৎশিল্পী নুৰুদ্দিন আহমেদৰ নেতৃত্বত প্ৰায় এমাহ ধৰি 40 জনীয়া এটি দলে দিনে-নিশাই ইয়াৰ বাবে কাম কৰি আছে ৷

আচলতে এয়া শাৰদীয় দূৰ্গাপূজাক আদৰণিৰ এক প্ৰচেষ্টাহে ৷ মহানগৰীৰ বিষ্ণুপুৰ বিমলা নগৰৰ চানফ্লাৱাৰ ক্লাৱৰ উদ্যোগত নিৰ্মাণ কৰি থকা হৈছে "অৱতাৰ" ছবিৰ দেশীয় ৰূপ ৷ দূৰ্গাপূজা মণ্ডপক অৱতাৰ কথাছবিৰ ৰূপত উপস্থাপন কৰিবলৈ এইদৰে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে এদল কৰ্মোদ্যম ব্যক্তিয়ে ৷

জেমচ কেমেৰুণৰ দেশী "অৱতাৰ" চাবলৈ পাব গুৱাহাটীত

1975চনৰ পৰাই দূৰ্গা পূজা মণ্ডপ নিৰ্মাণৰ সৈতে জড়িত থকা শিল্পী নুৰুদ্দিন আহমেদৰ চিন্তা-ধাৰাক প্ৰকৃত ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা চলাইছে চানফ্লাৱাৰ ক্লাৱে ৷ প্ৰায় 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই পূজাস্থলী সম্পূৰ্ণৰূপে পৰিৱেশ অনুকূল বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ বাঁহ আৰু অন্যান্য জৈৱিক সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰি থকা হৈছে "অৱতাৰ" ছবিৰ দেশীয় ৰূপ ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details