অসম

assam

ETV Bharat / state

কৰ'ণাৰ প্ৰভাৱত মহানগৰীত ম্লান পৰিছে পূজাৰ মাদকতা - Durga puja at Guwahati amid covid protocol

পূৰ্বতে গুৱাহাটী মহানগৰীত প্ৰায় পাঁচশৰো অধিক মণ্ডপত মহিষমৰ্দিনীৰ পূজা অৰ্চনা হয় যদিও এইবাৰ কৰ'ণা মহামাৰীৰ বাবে এই সংখ্যা তেনেই সীমিত ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে আৰোপ কৰা কেতবোৰ বাধা নিষেধৰ বাবে অধিকাংশ পূজা সমিতিয়েই আয়োজন নকৰিলে পূজা ৷

Durga puja at Guwahati amid covid protocol
কৰ'ণাৰ প্ৰভাৱত মহানগৰীত ম্লান পৰিছে পূজাৰ মাদকতা

By

Published : Oct 23, 2020, 8:53 PM IST

গুৱাহাটী, 23 অক্টোবৰ: আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো চলিছে মহিষমৰ্দিনীৰ স্তুতি বন্দনা ৷ মহামাৰী ক'ৰণাৰ বাবে এইবাৰ মহানগৰীৰ কেইবাখনো ঐতিহাসিক পূজাস্থলীত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে চলিছে ঘট পূজা ৷ কোনো আড়ম্বৰতা অথবা জাকজমকতা নোহোৱাকৈয়ে অতি সাধাৰণভাৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে কৰা হৈছে দেৱী দশভূজাৰ বন্দনা ৷ পূৰ্বতে গুৱাহাটী মহানগৰীত প্ৰায় পাঁচশৰো অধিক মণ্ডপত মহিষমৰ্দিনীৰ পূজা অৰ্চনা হয় যদিও এইবাৰ কৰ'ণা মহামাৰীৰ বাবে এই সংখ্যা তেনেই সীমিত ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে আৰোপ কৰা কেতবোৰ বাধা নিষেধৰ বাবে অধিকাংশ পূজা সমিতিয়েই আয়োজন নকৰিলে পূজা ৷ যি সকলে কৰিছে সেইসমূহ পূজা সমিতিয়েও প্ৰশাসনে নিৰ্ধাৰণ কৰা অতি কম উচ্চতাৰ দেৱী প্ৰতিমা ব্যৱহাৰ কৰাৰ লগতে অধিকাংশ পূজা সমিতিয়েই মাত্ৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি ঘট পূজাহে কৰা পৰিলক্ষিত হৈছে ৷

ফাঁচিবজাৰৰ ইতিহাস প্ৰসিদ্ধ "মা কৰুণাময়ী কালি মন্দিৰ"ৰ পূজা

মহানগৰীৰ ফাঁচিবজাৰৰ ইতিহাস প্ৰসিদ্ধ "মা কৰুণাময়ী কালি মন্দিৰ"ৰ পূজাত এইবাৰ ভক্তগণক প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷ ভক্ত সকলে যাতে দেৱী দশভূজাৰ পূজাৰ নামত মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে মন্দিৰৰ মূল প্ৰৱেশ পথত তলা লগাই থোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে পাণ বজাৰৰ আন কেইবাখনো ইতিহাসপ্ৰসিদ্ধ পূজা স্থলীতো এইবাৰ পূজা অনুষ্ঠিত হোৱা দেখা নগ’ল ৷

পাণবজাৰস্থিত হৰিসভা পূজা

আনহাতে মহানগৰীৰ পাণবজাৰস্থিত হৰিসভা পূজা খনে এইবাৰ 106 বছৰত ভৰি দিলে যদিও ক’ভিড প্ৰট’কলৰ নীতি-নিয়ম মানি চলি অনুষ্টুপীয়াকৈহে আয়োজন কৰিছে পূজা ৷ বৈদিক ৰীতি-নীতিৰে আয়োজন কৰা এইখন পূজা মন্দপতো দেৱী পূজাৰ নামত ভকসকলক মূল বেদীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ৷ অৰ্থাৎ পূৰ্বৰ ধৰ্মীয় পৰম্পৰা তথা বৈদিক ৰীতিনীতি অনুসৰি এইবাৰ পূজা অনুষ্ঠিত হৈছে যদিও কৰ'ণা প্ৰতিৰোধৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰা কিছু কঠোৰ নীতি নিয়মৰ বাবে প্ৰায় সমূহ পূজা মণ্ডপেই ভক্তশূণ্য হৈ থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃঅসমতো বিনামূলীয়াকৈ উপলব্ধ হ'ব COVID-19ৰ ভেকচিনঃ স্বাস্থ্য মন্ত্ৰী

ABOUT THE AUTHOR

...view details