অসম

assam

By

Published : Oct 24, 2020, 5:08 PM IST

ETV Bharat / state

বৰষাৰাণী বিষয়াৰ বাসগৃহত দূৰ্গা পূজা উদযাপন

95 বৰ্ষত ভৰি দিয়া এই পূজস্থলীত উলহ-মালহেৰে আৰাধনা চলিছে দেৱী দূৰ্গাৰ ৷

Durga puja at Actress Barsha Rani Bishaya's house campus
বৰষাৰাণী বিষয়াৰ বাসগৃহত দূৰ্গা পূজা উদযাপন

গুৱাহাটী, 24 অক্টোবৰ: কোভিড প্ৰটকলৰ মাজেৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে শাৰদীয় দূৰ্গা পূজা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো উলহ-মালহেৰে আৰাধনা চলিছে দেৱী দূৰ্গাৰ ৷ মহানগৰীৰ আন সমুহ পুজা মণ্ডপৰ লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাসগৃহতো পূৰ্বৰ দৰেই এইবাৰো উদযাপন হৈছে দূৰ্গা পূজা ৷ 95 বৰ্ষত ভৰি দিয়া এই পূজস্থলীত সকলোৱে মানি চলিছে ক’ভিডৰ নীতি নিয়ম ৷

বৰষাৰাণী বিষয়াৰ বাসগৃহত দূৰ্গা পূজা উদযাপন

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ অন্যতম এই পূজাথলীলৈ আগমন হৈছে ভক্তৰ ৷ কিন্তু পূৰ্বৰ দৰে নাই ভক্তৰ ভিৰ তথা উচ্চাহ-উদ্দীপনা ৷ এইবাৰ ক’ভিডৰ আতংকৰ বাবে বহুখিনি ম্লান পৰিছে পূজাৰ মাদকতা ৷

লগতে পঢ়কঃবিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details