গুৱাহাটী ২২ অক্টোবৰ : পৱিত্ৰতা, সৌন্দৰ্য আৰু আশাৰ প্ৰতীক শৰৎ। পদূলিৰ মুখৰ শেৱালিজোপাৰ সুবাসে মনত ৰহন সানে। কুঁৱলীৰ চেঁচা বতাহ লাগি মন-প্ৰাণ দ্বীপ্ত হৈ পৰে । আৰু সেই শুকুলা মেঘৰ বোকোচাত উঠি নামি আহে শৰৎ । চৌদিশে সৌন্দৰ্যৰ জেউতি বিলাই বুকুত প্ৰেমৰ সেউজীয়া সানি নামি আহে শৰৎ । প্ৰকৃতিৰ অপৰূপ এই ভৰযৌৱনা শৰৎ ঋতুতে ধৰালৈ নামি আহে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱী ।
এইবাৰৰ আহিন মাহটো মল্ল মাহ অৰ্থাৎ একেটা মাহতে দুটা অমাৱস্যা হোৱাৰ বাবে এটা অমাৱস্যাৰ পৰা পাছৰ অমাৱস্যালৈ পিছুৱাই দিয়া হ’ল মহালয়া । আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ নহৈ এইবাৰ সেয়ে কাতিৰ মাহত এইবাৰ দোলাত নামি আহিল দুৰ্গা দেৱী । দেৱী গমন কৰিব হস্তীত । হস্তীত দুৰ্গা দেৱী গমনৰ অৰ্থ শস্য উৎপাদন বৃদ্ধি।
কৰ’ণাতংকৰ মাজতে আহিল শাৰদীয় দুৰ্গা পূজা । আজি বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ’ল দেৱী । কিন্তু পূৰ্বৰ পূজাৰ সেই উন্মাদনা এইবাৰ কাঢ়ি নিলে কৰ’ণাই । বজাৰত নাই ভিৰ। আনবাৰৰ দৰে এইবাৰ পূজা মণ্ডপত দেখা পোৱা নগ’ল ৰঙ বিৰঙৰ পোহৰৰ যাদু । বেলুন-পেঁপা আদিৰ মাত যেন ক’ৰবাত লুকাল । মণ্ডপৰ আশে-পাশে কেৱল শূন্যতা আৰু শূন্যতা ।