গুৱাহাটী, ১৬ অক্টোবৰ : চাৰিটা দিনৰ উৎসৱ মুখৰ পৰিৱেশৰ পাচত অৱশেষত শনিৰবাৰে নিতাল মাৰিলে ৰাজ্য ৷ সোমবাৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক শুকুৰবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে দেশ তথা ৰাজ্যবাসীয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মহানগৰীৰ পাণ্ডুত ঘাটতো বিসৰ্জন দিয়া হৈছে মা-দুৰ্গাৰ প্ৰতিমা ৷
মহানগৰীৰ পাণ্ডুত ঘাটত দুদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী হাতত লোৱা হৈছে । শুকুৰবাৰৰ লেখীয়াকৈ শনিবাৰেও পাণ্ডুত ঘাটত বিসৰ্জন দিয়া হয় কেইবাখনো পূজা মণ্ডপৰ দেৱীৰ প্ৰতিমা । শুকুৰবাৰে ৬১ খন পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হয় পাণ্ডুঘাটত ।
আনকি শনিবাৰেও প্ৰায় ৫০-৬০ খন পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে ৷ এই কথা উল্লেখ কৰে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে । পাণ্ডুঘাটত পাণ্ডু, মালিগাঁও, জালুকবাৰী আদি আঞ্চলৰ পূজা কমিটিসমূহে প্ৰতিমা বিসৰ্জন দিয়ে ।