গুৱাহাটী , 24 অক্টোবৰ :আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে ভক্তসকলে । অন্ত পৰিল 5 দিনীয়া দুৰ্গোৎসৱৰ ব্যস্ততা । যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা-অৰ্চনাৰ অন্তত আজি অশ্ৰুসিক্ত নয়নেৰে মা দেৱী দুৰ্গাক বিদায় দিলে ভক্তসকলে ।
প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উচাহ । মহানগৰীত দেৱীৰ বিসৰ্জনৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত লোৱা হৈছে বিশেষ ব্যৱস্থা । বিজয়া দশমীৰ দিনা পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া ।
মহানগৰীৰ 8 টাকৈ ঘাটত হৈছে দেৱীৰ বিসৰ্জনৰ ব্যৱস্থা । পাণ্ডু, কাছমাৰী, চূণশালী আদিকে ধৰি 8 টা ঘাটত বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে । বিসৰ্জনৰ হকে মূৰ্তিসমূহ লৈ যোৱাৰ বাবে প্ৰশাসনে নিয়োজন কৰিছে বহু কৰ্মচাৰীও । কাছমাৰী ঘাটত জল পৰিবহন বিভাগৰ উদ্যোগত দুখনকৈ যেটিৰ ব্যৱস্থা কৰা হৈছে । বিসৰ্জনৰ পিচত মূৰ্তিসমূহ নদীৰ মাজত লৈ যোৱা হ'ব ।