অসম

assam

ETV Bharat / state

ৰাজ্যত আকৌ গুপ্ত হত্য়াৰ উকমুকনিঃ দুৰ্গা দাস বড়ো - বিজেপি

13 জানুৱাৰীত হ'বলগীয়া বিধান সভাত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে যেনেদৰে কেৰালাত CAA নস্যাৎ কৰিছে ঠিক তেনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তেওঁ CAA নস্যাৎ কৰাৰ সাহস কৰিবলৈ আহ্বন জনায় ৷ লগতে বিজেপিয়ে গ্ৰহণ কৰা যিকোনো CAA বিৰোধী প্ৰস্তাবক কংগ্ৰেছে চকু মুদি সমৰ্থন কৰিব বুলিও উল্লেখ কৰে দুৰ্গা দাস বড়োৱে ৷

durga das pc
durga das pc

By

Published : Jan 5, 2020, 12:35 PM IST

Updated : Jan 5, 2020, 2:13 PM IST

গুৱাহাটী, 5 জানুৱাৰী:শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োই এক সংবাদমেল সম্বোধন কৰি CAA ৰ লগতে সাম্প্ৰতিক সময়ৰ বিভিন্ন বিষয়ত নিজৰ মত দাঙি ধৰে ৷ সংবাদমোলৰ আৰম্ভণিতে তেওঁ কয়, CAA বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংগ্ৰেছক পোনপতীয়াভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ বিজেপি দল ৰাজনৈতিক যুদ্ধত অৱতীৰ্ণ হৈছে ৷ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে মিছা কথাৰে ৰাইজক CAA বিৰোধী আন্দোলনৰ পৰা আতৰাই ৰাখিব বিচাৰিছে ৷ লগতে কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোঁহাইক আটক কৰা সন্দৰ্ভত তেওঁ কয় যে, চচিয়েল মিডিয়াত CAA বিৰোধী মন্তব্য ৰখাৰ লগতে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা মাত মাতি অহাৰ বাবে তেওঁক আটক কৰা হৈছে ৷

চৰকাৰে মিছা কথাৰে ৰাইজক CAA বিৰোধী আন্দোলনৰ পৰা আতৰাই ৰাখিব বিচাৰিছে- দুৰ্গা দাস বড়ো

ইয়োৰেপৰি তেওঁ অসমত পুনৰ গুপ্ত হত্যাৰ ওকমুকনি চলিছে বুলিও সন্দেহ প্ৰকাশ কৰি এতিয়ালৈ বিভিন্ন ঠাইত অকাৰনতে বহু CAA বিৰোধী নেতাৰ ওপৰত চলোৱা আক্ৰমনৰ বিষয়ে অৱগত কৰি নিজৰ মন্তব্য দাঙি ধৰে ৷

অসমত পুনৰ গুপ্ত হত্যাৰ ওকমুকনি চলিছে- দুৰ্গা দাস বড়ো

এই সংবাদমেলৰ জৰিয়তে, বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰা বিজেপি নেতাসকলক শ্ব মট' কেছৰ জৰিয়তে গ্ৰেপ্তাৰৰো আহ্বান জনায় মুখপাত্ৰ গৰাকীয়ে ৷ তদুপৰি অসমৰ সংবাদ মাধ্যমৰ একাংশ লোকক বিজেপিয়ে নিয়ন্ত্ৰণ কৰি ৰখা বুলিও তেওঁ অভিযোগ কৰে ৷ বিজেপিয়ে CAA বিৰোধী আন্দোলন মষিমূৰ কৰিবলৈ ধনৰ বৰষুণ কৰিছে বুলি কোৱাৰ লগতে সাহিত্য সভাক দিবলৈ ৭৫ কোটি টকা ধন চৰকাৰে ক'ত পালে বুলিও প্ৰশ্ন কৰে ৷

বিতৰ্কিত মন্তব্য কৰা বিজেপি নেতাসকলক শ্ব মট' কেছৰ জৰিয়তে গ্ৰেপ্তাৰৰ আহ্বান- দুৰ্গা দাস বড়ো

আগন্তুক নিৰ্বাচনলৈ বিজেপিয়ে কংগ্ৰেছক ভয় কৰিছে, এই মন্তব্য দুৰ্গা দাস বড়োৰ ৷ অসমৰ ৰাইজে কোনো ধৰণৰ প্ৰলোভনৰ বিনিময়তো CAA মানি নলয় বুলি কোৱাৰ লগতে 13 জানুৱাৰীত হ'বলগীয়া বিধান সভাত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে যেনেদৰে কেৰালাত CAA নস্যাৎ কৰিছে ঠিক তেনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তেওঁ CAA নস্যাৎ কৰাৰ সাহস কৰিবলৈ আহ্বন জনায় ৷ লগতে বিজেপিয়ে গ্ৰহণ কৰা যিকোনো CAA বিৰোধী প্ৰস্তাবক কংগ্ৰেছে চকু মুদি সমৰ্থন কৰিব বুলিও উল্লেখ কৰে দুৰ্গা দাস বড়োৱে ৷

আগন্তুক নিৰ্বাচনলৈ বিজেপিয়ে কংগ্ৰেছক ভয় কৰিছেঃ দুৰ্গা দাস বড়ো

লগতে পঢ়ক:কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উদ্যোগত ধেমাজিৰ গাঁৱে গাঁৱে প্ৰতিবাদী সভা

Last Updated : Jan 5, 2020, 2:13 PM IST

ABOUT THE AUTHOR

...view details