গুৱাহাটী, 3 মে' : অসম লোকসভা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত এ পি এচ চিত সংঘটিত হোৱা কেলেংকাৰীয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সমগ্ৰ দেশতেই৷
এ পি এচ চিৰ সংস্কাৰৰ নামত সোণোৱালে কেবল বাহ বাহ লৈছে: দুৰ্গা দাস বড়ো - apsc scam
এ পি এচ চি কেলেংকাৰী বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জগৰীয়া কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ৷ তিনিটা বছৰে শাসনত বহি এ পি এছ চি সংস্কাৰৰ নামত সোণোৱালে কেৱল বাহ-বাহহে ল'লে বুলি মুখ্যমন্ত্ৰী গৰাকীক কটাক্ষ কংগ্ৰেছৰ নেতাগৰাকীৰ৷
এ পি এচ চিৰ সংস্কাৰৰ নামত সোণোৱালে কেবল বাহ বাহ লৈছে: দুৰ্গা দাস বড়ো
বিজেপিয়ে এ পি এছ চি সংস্কাৰৰ বাবে এখন কমিটি গঠন কৰিছিল যদিও এ পি এচ চিৰ কোনো ধৰণৰ সংস্কাৰ ন'হল বুলি বৃহস্পতিবাৰে প্ৰকাশ কৰে দুৰ্গা দাস বড়োই ৷ যাৰ ফলত ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল আয়োগে ১৩ মাৰ্চ আৰু ৩০ এপ্ৰিলত দুবাৰকৈ ঘোষণা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে৷