গুৱাহাটী, ১৫ জুলাই: অহা ৪ আগষ্টত অনুষ্ঠিত হ'ব ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা । এছিয়া মহাদেশৰ সন্মানীয় ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাখনি গুৱাহাটীৰ উপৰি কোকৰাঝাৰ আৰু কলকাতাত অনুষ্ঠিত হ'ব । দেশৰ অতি পুৰণি ডুৰাণ্ড কাপৰ উদ্বোধনী খেলখন ৪ আগষ্টত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । শনিবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰি কৰে চীফ অফ ষ্টাফ ইষ্টার্ণ কমাণ্ড তথা ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই । উক্ত সংবাদমেলত অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই ডুৰাণ্ড কাপৰ ট্ৰফী উন্মোচন কৰে ।
এক সংবাদমেলত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কয় যে ১৩৫ বছৰ পুৰণি প্রতিযোগিতাখনি ৰাজ্যখনে দ্বিতীয় বাৰৰ বাবে আয়োজন কৰাৰ সুযোগ লাভ কৰিছে । ১০ খন লীগ মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব । এখন কোৱাৰ্টাৰ ফাইনেল গুৱাহাটীত অনুষ্ঠিত হ'ব । ইপিনে, ছেমিফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ'ব কলকাতাত । ভাৰতীয় সেনা বাহিনীৰ সৌজন্যত আৰু অসম চৰকাৰৰ সহযোগত আয়োজন কৰা হৈছে এই ঐতিহাসিক ফুটবল প্ৰতিযোগিতাখনি ।
সংবাদমেলত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল প্ৰেমীৰ ই ভাল খবৰ । তেওঁ কয় যে ৰাজ্য চৰকাৰে ফুটবলৰ সেই সোণোৱালী দিন ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । দেশৰ আগশাৰীৰ ফুটবল দলৰ ১০ খন ভাল খেল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব । অসমত ক্ৰীড়াৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে ।