গুৱাহাটী,২১ জুলাই : গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা (Durand Cup Football Tournament 2022)। এছিয়া মহাদেশৰ সন্মানীয় ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা এইবাৰ দেশৰ তিনিটা স্থানত অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনি গুৱাহাটীৰ উপৰিও ইম্ফল আৰু কলকাতাত অনুষ্ঠিত হ'ব । দেশৰ অতি পুৰণি ডুৰাণ্ড কাপৰ উদ্বোধনী খেলখন ১৭ আগষ্টত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব (Opening match of Durand Cup Football in Sarusajai Stsdium)।
বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ভিভান্তাত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে এছ এম ভি এছ এম চীফ অফ ষ্টাফ ইষ্টার্ণ কমাণ্ড তথা ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ লেফটেনেন্ট জেনেৰেল কে কে ৰেপছৱালে (Chairman of the Durand Organising Committee Lt Gen KK Rapswal)। উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডুৰাণ্ড কাপৰ ট্ৰফী উন্মোচন কৰে(Chief Minister Dr Himanta Biswa Sharma unveils Durand Cup trophy)।
১৩৪ বছৰ পুৰণি প্রতিযোগিতাখনি ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আয়োজন কৰাৰ সুযোগ লাভ কৰিছে । পাঁচখন চহৰক অন্তর্ভুক্ত কৰি আয়োজিত এই ট্ৰফী ভ্ৰমণৰ অংশ হিচাপে গ্রুপ 'ডি'ৰ খেলৰ প্ৰথম ১০ খন মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব ।
ভাৰতীয় সেনা বাহিনীৰ সৌজন্যত আৰু অসম চৰকাৰৰ সহযোগত আয়োজন কৰা হৈছে ঐতিহাসিক ফুটবল প্ৰতিযোগিতাখনি । সংবাদমেলত মুখ্যমন্ত্রীয়ে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে, ৪৭ খন খেলৰ ভিতৰত গুৱাহাটী আৰু ইম্ফলত হ'ব ১০ খন খেল । উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল প্ৰেমীৰ ই ভাল খবৰ বুলি উল্লেখ কৰি তেওঁ কয় যে, ৰাজ্য চৰকাৰে ফুটবলৰ সেই সোণোৱালী দিন ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । দেশৰ আগশাৰীৰ ফুটবল দলৰ ১০ খন ভাল খেল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব । অসমত ক্ৰীড়াৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে ।