অসম

assam

ETV Bharat / state

Durand Cup Football 2023:গুৱাহাটীত নেপালৰ ত্ৰিভুৱন আর্মি ফুটবল ক্লাব - Durand Cup Football 2023

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ দুটা গ্ৰুপৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে প্ৰথমবাৰৰ বাবে কোকঝাৰত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ এটা গ্ৰুপৰ খেল । ২২ জনীয়া নেপালৰ দলটোক ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানৰে গুৱাহাটীলৈ অনা হয় । গামোছা আৰু জাপিৰে সদস্যসকলক আদৰণি ভাৰতীয় সেনাৰ ।

Durand Cup Football
১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

By

Published : Jul 29, 2023, 10:46 PM IST

গুৱাহাটী, ২৯ জুলাই: ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত অংশ লোৱাৰ বাবে শনিবাৰে গুৱাহাটীত উপস্থিত হয় নেপালৰ ত্ৰিভুন আর্মি ফুটবল ক্লাব । অৱসৰপ্ৰাপ্ত লেফটেন্ট কৰ্ণেল বসন্ত ৰাজ গুৰুঙৰ অধীনত অহা ২২ জনীয়া নেপালৰ দলটোক ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানৰে গুৱাহাটীলৈ অনা হয় । গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত গামোছা আৰু জাপি পিন্ধাই অসমীয়া পৰম্পৰাৰে সদস্যসকলক আদৰণি জনাই ভাৰতীয় সেনাই ।

১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

ভাৰতীয় সেনাই আয়োজন কৰা এছিয়া মহাদেশৰ সবাতোকৈ প্ৰাচীন ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপ অহা তিনি আগষ্টৰ পৰা আৰম্ভ হ'ব । অসমৰ ফুটবলপ্রেমীৰ বাবে সুখৰ খবৰ যে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল ক্রমাগত দ্বিতীয়বাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব । এইবাৰ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ দুটা গ্ৰুপৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে প্ৰথমবাৰৰ বাবে কোকঝাৰত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ এটা গ্ৰুপৰ খেল । আনহাতে, গুৱাহাটী আৰু কোকৰাঝাৰে আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে এখনকৈ কোৱাৰ্টাৰ ফাইনেলো ।

ইফালে, অহা তিনি আগষ্টত কলকতাত ডুৰাণ্ড কাপৰ উদ্বোধনী মেচৰ লগতে তিনিটা গ্ৰুপৰ খেল তথা দুখন কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু তিনি ছেপ্টেম্বৰত যুৱভাৰতী ষ্টেডিয়ামত ডুৰাণ্ড কাপৰ ফাইনেল অনুষ্ঠিত হ'ব । ২৭ বছৰ পাছত বিদেশী দল হিচাপে এইবাৰ ডুৰাণ্ড কাপ খেলিব নেপাল আৰু বাংলাদেশৰ সেনাৰ ফুটবল দলে । শনিবাৰে বাংলাদেশৰ দলটোও কলকাতাত উপস্থিত হৈছে ।

নেপাল আর্মিয়ে অহা ৯ আগষ্টত কোকৰাঝাৰত দিল্লী এফ চিৰ বিৰুদ্ধে প্ৰথম মেচ খেলাৰ পাছত গ্রুপ ‘ই’ত স্থান লাভ কৰা দলটোৱে বাকী দুখন মেচ গুৱাহাটীত খেলিব ১৪ আগষ্টত চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে আৰু ২২ আগষ্টত হায়দ্রাবাদ এফ চিৰ বিৰুদ্ধে । গুৱাহাটীত উপস্থিত হোৱা নেপাল আৰ্মিৰ অধিনায়ক নাৱায়ং শ্রীস্থাই কয়," আমাৰ বাবে ডুৰাণ্ড কাপত অংশ লোৱাটো এক গৌৰৱৰ বিষয় ।" প্রতিযোগিতাৰ সন্মান ৰক্ষা কৰি নেপাল আৰ্মিয়ে নিজৰ শ্ৰেষ্ঠখিনি খেলিবলৈ চেষ্টা কৰিব বুলি তেওঁ কয় । উল্লেখ্য যে নেপাল জাতীয় দলৰ হৈ ৪৩খন মেচ খেলা শ্রীস্থাই কেৰিয়াৰত আঠটা আন্তর্জাতিক গ'ল কৰিছে।

চাৰি আগষ্টৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ গ্ৰুপ ‘ডি’ আৰু ‘ই’ৰ মুঠ ১০ খনকৈ মেচৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল । আনহাতে, অহা পাঁচ আগষ্টৰ পৰা কোকৰাঝাৰত হ’ব গ্ৰুপ ‘এফ’ৰ ছয়খন মেচৰ লগতে গ্রুপ ‘ডি’আৰু ‘ই’ৰ দুখন মেচ তথা এখন কোৱাৰ্টাৰ ফাইনেলসহ মুঠ ৯খন মেচ । এইবাৰ প্রতিযোগিতাত দুটা বিদেশী দলসহ অংশ লৈছে ২৪ টা ক্লাবে । অসমৰ প্ৰথম দলৰূপে ইতিহাস গঢ়ি এইবাৰ ডুৰাণ্ড কাপ খেলাৰ সুযোগ লাভ কৰিছে কোকৰাঝাৰৰ বড়োলেণ্ড এফ চিয়ে ।

ইফালে, অহা দুবছৰৰ বাবে ডুৰাণ্ড কাপৰ একচেটিয়া সম্প্ৰচাৰ অধিকাৰ লাভ কৰিছে ছ’নী পিকচাৰ্ছ নেটৱৰ্কৰ্ছ ইণ্ডিয়াই । সেই অনুসৰি চলিত ২০২৩ চনৰ পৰা ২০২৪ চনলৈ ভাৰতত হ'বলগা ডুৰাণ্ড কাপৰ সকলো মেচ এককভাবে সম্প্ৰচাৰ কৰিব ‘ছ’নী স্প'ৰ্টছ টেন ২’ চেলেত । ক্রীড়াপ্রেমীয়ে এছ পি এনৰ প্রিমিয়াম অ'টিটি প্লেটফর্ম ছ’নী এলআইভিতো পোনপটীয়াকৈ মেচ উপভোগ কৰিব পাৰিব । ইফালে, ভাৰতৰ লগতে আফগানিস্তান, মালদ্বীপ, পাকিস্তান, বাংলাদেশ, ভুটান, আৰু নেপালতো ‘ছ’নী স্প'ৰ্টছ টেন ২’ চেনেলত ডুৰাণ্ড কাপৰ মেচ সম্প্ৰচাৰ হ'ব ।

লগতে পঢ়ক:Congress Protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details