অসম

assam

স্ব-গৃহলৈ দুলাল পালৰ মৃতদেহ

By

Published : Oct 22, 2019, 7:20 PM IST

স্ব-গৃহলৈ প্ৰেৰণ কৰা হ'ল দুলাল পালৰ মৃতদেহ ৷ শোকস্তব্ধ পৰিয়ালক সান্তনা দিবলৈ মৃতদেহটোৰ লগতে ৰাওনা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ৷ ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া হৈব্যকাশী কাশ্যপৰ নেতৃত্বত আৰক্ষীৰ এটা দল,গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকে চমজি লয় মৃতদেহটো ৷

দুলাল পালৰ মৃতদেহ

গুৱাহাটী, 22 অক্টোবৰঃঅৱশেষত মঙলবাৰে স্ব-গৃহলৈ প্ৰেৰণ কৰা হ'ল দুলাল পালৰ মৃতদেহ ৷ ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া হৈব্যকাশী কাশ্যপৰ নেতৃত্বত আৰক্ষীৰ এটা দল,গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকে চমজি লয় মৃতদেহটো ৷ মৃতদেহটো চমজি লোৱাৰ সময়ছোৱাত উপস্থিত থাকে বিজেপি বিধায়ক শিলাদিত্য দেৱ আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে ৷ মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাচতেই দুলাল চন্দ্ৰ পালৰ মৃতদেহ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷

দুলাল পাল

উল্লেখ্য যে,প্ৰায় দুই বছৰ তেজপুৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা দুলাল পাল দীৰ্ঘদিনৰ পৰাই মুধমেহ ৰোগত আক্ৰান্ত হৈ আছিল ৷ চিকিৎসাৰ বাবে দুলাল পালক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ যদিও 13 অক্টোবৰ দেওবাৰে পুৱা প্ৰায় 9 বাজি 30 মিনিটত মৃত্যুক আঁকোৱালি লয় দুলাল চন্দ্ৰ পালে ৷ দুলাল চন্দ্ৰ পালৰ মৃত্যুৰ পাচতেই তেখেতৰ মৃতদেহ চমজি লোৱাত অমান্তি হয় পৰিয়ালৰ লোক ৷ পৰিয়ালৰ লোকৰ দাবী যেতিয়ালৈকে দুলাল পালক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা নহয়,তেতিয়ালৈকে চমজি লোৱা নহয় মৃতদেহ ৷ ইপিনে,দুলাল চন্দ্ৰ পালৰ মৃত্যুক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছিল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনকে ধৰি আন কেইবাটাও দল সংগঠন ৷ মৃতদেহটোক চমজি লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অনুৰোধ জনাই পৰিয়ালবৰ্গক ৷

স্ব-গৃহলৈ দুলাল পালৰ মৃতদেহ

দুলাল চন্দ্ৰ পালৰ ঘটনা সন্দৰ্ভত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দুলাল চন্দ্ৰ পালৰ ন্যায়িক মৰ্যদাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ আগন্তুক তিনি মাহৰ ভিতৰত সকলোবোৰ দাবী কাৰ্যকৰী কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ পাচতেই মঙলবাৰে দুলাল চন্দ্ৰ পালৰ মৃতদেহ নিজ বাসগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷ শোকস্তব্ধ পৰিয়ালক সান্তনা দিবলৈ মৃতদেহটোৰ লগতে ৰাওনা হয় বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ৷

ABOUT THE AUTHOR

...view details