অসম

assam

ETV Bharat / state

GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা - Dry day in Guwahati

২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ ২০ এপ্ৰিলৰ আবেলি ৪-৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪-৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে বন্ধ থাকিব সুৰাৰ বিপনী ৷ আনহাতে ২৪ এপ্ৰিলৰ ভোট গণনাৰ দিনটোতো গণনা কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’ (Dry day in Guwahati)।

GMC Election 2022
গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

By

Published : Apr 19, 2022, 10:53 PM IST

গুৱাহাটী, 19 এপ্ৰিল:গুৱাহাটী পৌৰ নিগমৰ ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ (GMC Election 2022) পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ আবেলি ৪-৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪-৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে ড্ৰাই ডে’ ঘোষণা কৰিছে (Dry day in Guwahati) । মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জাৰি কৰিছে এই নিদৰ্শনা । লগতে ২৪ এপ্ৰিলৰ ভোট গণনাৰ দিনটোতো গণনা কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’ ।

গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

তদুপৰি কিবা কাৰণে পুনৰ ভোট গ্ৰহণ কৰিবলগীয়া হ’লে পুনৰ গ্ৰহনৰ দিনোটোতো বাহাল থাকিব ড্ৰাই ডে’ । ড্ৰাই ডে’ৰ সময়ছোৱাত পৌৰ নিগম এলেকাত থকা সকলো ধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পন্যাগাৰ, আই এম এফ এল তথা দেশীয় সুৰাৰ দোকানসমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । তেনেদৰে বাৰ, দোকান, হোটেল, ৰেষ্টুৰেন্ট তথা ৰাজহুৱা স্থানত যিকোনো প্ৰকাৰৰ মাদক দ্ৰব্য অথবা নিচাজাতীয় দ্ৰব্যৰ সেৱন আৰু ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰা হৈছে ড্ৰাই ডে’ৰ সময়খিনিত ।

কোনো লোকে এই নিয়ম ভংগ কৰিলে অসম আবকাৰী আইনৰ ১৩৫ (গ) ধাৰাৰ (Assam Excise Act section 135C ) নিৰ্বাচনী আচৰণ বিধি ভংগৰ অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক নিৰ্দেশনাযোগে জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । ইপিনে সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰ তথা ৱাৰ্ডৰ বিষয়ে জানিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে যোগাযোগৰ এটি বিশেষ নম্বৰ ।

পৌৰ নিগম এলেকাৰ যিকোনো ভোটাৰে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৱাৰ্ডৰ নাম জানিব বিচাৰিলে ‘ ৯৩৬৫৮৬৫১৩৫ ’ নম্বৰলৈ ফোন অথবা এচ.এম.এছ. কৰিব পাৰিব । ২১ এপ্ৰিলৰ পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৫.০০ বজালৈ আৰু ২২ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা পুৱা ৭.০০ বজাৰ পৰা আবেলি ৪.০০ বজালৈ উক্ত নম্বৰলৈ ফোন বা এচ.এম.এছ কৰিব পাৰিব ভোটাৰ সকলে ।

লগতে পঢ়ক:Guwahati Civic Issues : এশ এবুৰি সমস্যাৰ মাজত গুৱাহাটী মহানগৰবাসী

ABOUT THE AUTHOR

...view details