অসম

assam

By

Published : Jun 2, 2021, 11:51 AM IST

ETV Bharat / state

মহানগৰীত ড্ৰাগছসহ ২ জনক আটক

মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । মঙলবাৰে মহানগৰীৰ কটাহবাৰীৰ পৰা গৰচুক আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ আৰু নগদ ধন । ড্ৰাগছৰ ক'লা বেহাৰে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ।

Drugs seized in Garchuk
মহানগৰীত ড্ৰাগছ জব্দ

গুৱাহাটী, ২ জুন: গুৱাহাটীত অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ জালত পৰিল দুটা ড্ৰাগছ ব্যৱসায়ী । আজাৰাৰ সহকাৰী আৰক্ষী আয়ুক্তই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে মঙলবাৰে মহানগৰীৰ কটাহবাৰীত গৰচুক আৰক্ষীয়ে অভিযান চলায় ।

সহকাৰী আৰক্ষী আয়ুক্ত, আৰক্ষী পৰিদৰ্শক নিৰঞ্জন বৰুৱা আৰু চাহিৰ আলীসহ আৰক্ষীৰ এটা দলে অভিযান চলাই বাপন বণিক নামৰ এজন লোকক হাতে-লোটে কৰায়ত্ত কৰে । এই অভিযানৰ সময়ত আৰক্ষীয়ে ১ গ্ৰাম ওজনৰ ড্ৰাগছ থকা ৪টা সৰু কন্টেইনাৰ জব্দ কৰে ।

মহানগৰীত ড্ৰাগছসহ ২ জনক আটক

লগতে নগদ ১৬০০ টকাও জব্দ কৰে । আৰক্ষীৰ জেৰাত বাপন বণিকে স্বীকাৰ কৰে যে, মহম্মদ চাফিক আহমেদৰ পৰা তেওঁ এই ড্ৰাগছখিনি ক্ৰয় কৰিছিল । মহম্মদ চাফিক আহমেদ কটাহবাৰীৰ চুলতান আলী পথ ভাড়াঘৰত থাকে ।

মহানগৰীত ড্ৰাগছসহ ২ জনক আটক

পিছত আৰক্ষীয়ে চাফিকৰ ভাড়াঘৰত তালাচী চলায় আৰু ৩ গ্ৰাম ওজনৰ ড্ৰাগছ ভৰ্তি ১২টা সৰু কন্টেইনাৰ জব্দ কৰে ।

সম্প্ৰতি দুয়োজন লোক গৰচুক আৰক্ষীৰ জিম্মাত আছে । আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুয়োৰে জেৰা অব্যাহত ৰাখিছে ।

মহানগৰীত ড্ৰাগছসহ ২ জনক আটক


লগতে পঢ়ক:কঠিয়াতলীৰ পাঁচ স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details