গুৱাহাটী, ৩০ মে': ড্ৰাগছ সাম্ৰাজ্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত । ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আৰক্ষীৰ । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে সষ্টম হৈছে অসম আৰক্ষী । মহানগৰী গুৱাহাটীৰ গড়চুকতো ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ।
মহানগৰীৰ গড়চুকত ড্ৰাগছসহ আটক তিনি শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বেতকুছিৰ আইএছবিটিৰ পিছফালে থকা বাথৌপুৰীৰ এটা ভাড়াঘৰত ড্ৰাগছৰ অবৈধ বেহা চলোৱাৰ তথ্য লাভ কৰি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক কৰে । লগতে উদ্ধাৰ কৰে দহটা কণ্টেইনাৰ, নিচাযুক্ত ঔষধ আৰু নগদ ৯,৮৯০ টকা । নিচাযুক্ত ঔষধখিনিৰ পৰিমাণৰ প্ৰায় ১.৩৫ গ্ৰাম ৷
দহটা কন্টেনাৰ গদ ৯,৮৯০ টকা জব্দ আৰক্ষীয়ে কৰায়ত্ত কৰা লোককেইজন ক্ৰমে নলবাৰীৰ বিলোয়া বেগম (৩৫), বাক্সাৰ মহম্মদ আমিৰ আলী (৩৩), ডিব্ৰুগড়ৰ দ্বীপেন বৰ্মন (২৫) । এই আটাইকেইজনে দীৰ্ঘদিনৰ পৰাই বেতকুছিৰ এটা ভাড়াঘৰত থাকি ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল । সম্প্ৰতি আটাইকেইজন অভিযুক্ত আৰক্ষীৰ জালত ।
গড়চুকত ড্ৰাগছসহ আটক তিনি পৰৱৰ্তী সময়ত আটাইকেইজনকে গড়চুক থানালৈ অনা হয় আৰু আৰক্ষীৰ তৰফৰ পৰা আটাইকেইজনৰ বিৰুদ্ধে ৩৫৮/২০২১, ইউ/এছ-২২ (এ) এনডিপিএছ আইনৰ অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হয় । আটাইকেইটা অভিযুক্তকে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাৰ পালে অসম আৰক্ষী