গুৱাহাটী,10 জুন :সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে মাৰাথান অভিযান । নিতৌ বৃহৎ সংখ্যক ড্ৰাগছসহ আটক হৈছে ড্ৰাগছ মাফিয়া । বুধবাৰে মহানগৰীৰ লালমাটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা এখন পাঞ্জাৱবডী ট্ৰাকত বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ গুৱাহাটী অভিমুখে আহি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে । সেই সূত্ৰে অসম আৰক্ষীৰ অপৰাধ শাখাৰ এটি দলে গুৱাহাটী সমীপৱৰ্তী ক্ষেত্ৰীৰ পৰা গাড়ীখন অনুসৰণ কৰি বেলতলাৰ লালমাটিত ড্ৰাগছসহ জব্দ কৰে AS-250-EC-1175 নম্বৰৰ ট্ৰাকখন । লগতে গ্ৰেপ্তাৰ কৰে দীপেন ডেকা নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাইভাৰক ।
উল্লেখযোগ্য যে, অতি কৌশলেৰে টেংকীৰ মাজত সৰবৰাহ কৰি অনা ড্ৰাগছখিনি ক্ৰাইম বাঞ্চ(CRIME BRANCH) আৰু বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ ইপিনে, ট্ৰাকখনৰ পলাতক হেণ্ডিমেন তথা অধিক তথ্যৰ বাবে ধৃত দীপেন ডেকাক লৈ আৰক্ষীয়ে কেইবাটাও ঘৰত তালাচী চলায় হেণ্ডীমেনটোকো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।