গুৱাহাটী, ১৮ অক্টোবৰ: ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাতো ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান অব্যাহত আছে । দেওবাৰে সন্ধিয়া গড়চুক আৰক্ষীয়ে আটক কৰে ৩ জনকৈ সৰবৰাহকাৰীক ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, দেওবাৰে সন্ধিয়া আৰক্ষীয়ে প্ৰথমে লালগণেশৰ অনুপ দেৱ নাথ নামৰ এজন লোকক ISBT ত আটক কৰে । নাথৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে কাহিলীপাৰাৰ পাৱাৰ হাউচ এলেকাত অভিযান চলাই জিণ্টু মণ্ডল আৰু উৎপল দাসক আটক কৰে ।
মহানগৰ আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী এই অভিযানৰ সময়ত আৰক্ষীয়ে ৮ টা ভাইল, ১২.৬৫ গ্ৰাম হেৰ'ইন জব্দ কৰে । লগতে এএছ ০১ ডিএছ ৯৩০১ নম্বৰৰ এখন স্কুটী আৰু ৪ টা ম’বাইল ফোন জব্দ কৰে । ইয়াৰ পূৰ্বেও মহানগৰ আৰক্ষীৰ জালত পৰিছিল কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী ।
তথাপিও একাংশ অসাধু লোকে নিচাযুক্ত দ্ৰব্যৰ বেহা অব্যাহত ৰাখিছে । নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এনে অসাধু লোকক নাকী লগাবলৈ এতিয়া অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: চিৰাঙৰ লক্ষ্মী মন্দিৰত উদ্ধাৰ গো-মাংস