অসম

assam

ETV Bharat / state

যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

মহানগৰীত আৰক্ষীৰ জালত পৰিছে ইজনৰ পাছত আনজন ড্ৰাগছ সৰবৰাহকাৰী । মঙলবাৰে মহানগৰীৰ যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি জনকৈ সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ হয় ।

By

Published : Dec 29, 2020, 9:25 PM IST

যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী
যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

গুৱাহাটী, 29 ডিচেম্বৰ: শেহতীয়াকৈ ব্যাপক হাৰত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ বেহা । মহানগৰীত আৰক্ষীৰ জালত পৰিছে ইজনৰ পাছত আনজন ড্ৰাগছ সৰবৰাহকাৰী । মঙলবাৰে মহানগৰীৰ যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি জনকৈ সৰবৰাহকাৰীৰ গ্ৰেপ্তাৰ হয় ।

যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

এক গোপন সূত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত মহানগৰ অপৰাধ অনুসন্ধান শাখাই যোৰাবাট আৰক্ষীৰ সহযোগত যোৰাবাটৰ ঘনশ্যাম বস্তিৰ জিতেন গগৈৰ বাসগৃহত অভিযান চলায় । অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি উল্লেখ কৰিছে অভিযানকাৰী দলটোৱে । উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা লোক কেইজনৰ নাম মহম্মদ আকবৰ খান, মহম্মদ বাহীদূৰ আৰু সঞ্জয় গগৈবুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, দীৰ্ঘদিনৰ পৰাই গ্ৰেপ্তাৰ হোৱা তিনি সৰবৰাহকাৰীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক:গোলাঘাটত পিতৃৰ কামনাৰ বলি কিশোৰী

ABOUT THE AUTHOR

...view details