গুৱাহাটী, ২৫ এপ্ৰিলঃ লক ডাউনৰ মাজতো মহানগৰীত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ বেহা। একাংশই পাকে প্ৰকাৰে বিক্ৰী কৰি আছে মাৰাত্মক ড্ৰাগছ । শুকুৰবাৰে পাণ্ডুত আৰক্ষীৰ অভিযানত ধৰা পৰে এনে এক ঘটনা।AS-01-EG-5031 নম্বৰৰ এখন চাৰিচকীয়া বাহনে পাণ্ডুৰ পৰা মালিগাঁও অভিমুখে যাত্ৰা কৰিছিল। আৰক্ষীৰ যুৱক দুজনৰ ওপৰত সন্দেহ উপজাত ৰ'বলৈ দিয়ে যদিও তেওঁলোক পলায়ন কৰাৰ চেষ্টা চলাই। পিছত জালুকবাৰী আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে দুই যুৱকক ।
মালিগাঁৱত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী - মালিগাঁও
মহানগৰীত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ বেহা । শুকুৰবাৰে পাণ্ডু আৰক্ষীৰ অভিযান আটক দুজনকৈ ড্ৰাগছ সৰৱৰাহকাৰী। সৰবৰাহকাৰী দুজন পৰা জব্দ ১.৬ গ্ৰাম ড্ৰাগছ,তিনিটা মোবাইল আৰু কিছু আপত্তিজনক সামগ্ৰী ।
মালিগাঁৱত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী
আৰক্ষীয়ে বাহনখনত তালাচী চলাই ১.৬ গ্ৰাম ড্ৰাগছ,তিনিটা মোবাইল আৰু কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে। ধৃত যুৱক দুজনৰ নামৰজত ভট্টাচাৰ্যআৰু প্ৰণৱজ্যোতি দাস। ACP জয়ন্ত বৰাৰ নেতৃত্বত মালিগাঁও অঞ্চলত তালাচী চলাই আছিল জালুকবাৰী আৰক্ষীয়ে। আৰক্ষীয়ে দুয়োকে আটক কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।
লগতে চাওকঃ বিশ্বনাথ জিলাত ৩০০০ হাজাৰ কৃষকক বিনামূলীয়া বীজ যোগান ধৰা হ'বঃ কৃষি বিষয়া