গুৱাহাটী,16 আগষ্ট : দেওবাৰে পুৱাৰে পৰা জালুকবাৰী-মালিগাঁৱৰ বিভিন্ন এলেকাত আৰক্ষীয়ে চলাইছিল অভিযান । এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বৃহৎ সাফল্য লাভ কৰে জালুকবাৰী আৰক্ষীয়ে । আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছসহ প্ৰায় 18 হাজাৰ নগধ ধন, দুখন চাৰিচকীয়া বাহন, চাৰিখন দুচকীয়া বাহন, 10 টা মোবাইল ফোন আৰু বহুটো আপত্তিজনক সামগ্ৰী ।
ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনত উদ্ধাৰ বিজেপিৰ চিহ্নযুক্ত সামগ্ৰী - জালুকবাৰী-মালিগাঁৱ
জব্দকৃত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ বিজেপিৰ প্ৰতীক চিহ্ন যুক্ত সামগ্ৰী । AS-01-DN0516 নম্বৰৰ চাৰিচকীয়া বাহনখনত উদ্ধাৰ হোৱা বিজেপিৰ সামগ্ৰীখিনিকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ধৃত ড্ৰাগছ ব্যৱসায়ীসকল ক্ৰমে অভিজিৎ দাস, জিতেন দাস, দ্বীপ কলিতা, ৰেকিব আলী, প্ৰণৱ দাস, বিকি দাস, সুচাংক মদগোল্ল, জিটু কুমাৰ দাস । মুঠ 8 জনকৈ ড্ৰাগছ আসক্ত আৰু ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয় জালুকবাৰী আৰক্ষী । ইফালে জব্দকৃত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ বিজেপিৰ প্ৰতীক চিহ্ন যুক্ত সামগ্ৰী । AS-01-DN0516 নম্বৰৰ চাৰিচকীয়া বাহনখনত উদ্ধাৰ হোৱা বিজেপিৰ সামগ্ৰীখিনিকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আহিছিল এইকেইটা কুখ্যাত ব্যৱসায়ীয়ে । জানিব পৰা মতে আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড তালিকাতো নাম আছিল এইসকল কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ বকো আৰক্ষীৰ অভিযানত জব্দ নিচাযুক্ত সামগ্ৰী