গুৱাহাটী, ১২ জুন : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ভয়াৱহ ৰূপ ধাৰণ কৰা ড্ৰাগছ(drugs) সাম্ৰাজ্যৰ আৰত আছে এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় চক্ৰ। কেৱল অসমতেই নহয় এই চক্ৰটোৱে অসমৰ মাজেৰে দেশৰ আন প্ৰান্তৰ আনকি চুবুৰীয়া ৰাষ্ট্ৰ সমূহলৈকো ড্ৰাগছ সৰাবৰাহ কৰি আহিছে । যোৱা এমাহ ধৰি অসমৰ বিভিন্ন ঠাইত চলা ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। বিশেষকৈ শুকুৰবাৰে বাইহাটা চাৰিআলিত আৰক্ষীয়ে এক অভিযান চলাই মণিপুৰৰ পৰা অহা এখন গেছ পৰিবাহী ট্ৰাকৰ পৰা প্ৰায় ডেৰ কোটিৰো অধিক টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত পৰিস্থিতি স্পষ্ট হৈ পৰিছে ।
লগতে পঢ়ক :ডিফুত নিচাযুক্ত টেবলেটসহ এজনক গ্ৰেপ্তাৰ
আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে অসমত শিপাই পৰা ড্ৰাগছৰ সৰাবৰাহৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে মণিপুৰ সংযোগ । সূত্ৰটোৰ মতে মূলতঃ তিনি চাৰিটা পথেৰে মণিপুৰৰ পৰা অসমলৈ নিয়মীয়াকৈ আহি আছে ড্ৰাগছ । ইয়াৰে কিছু অংশ অসমত ৰৈ যোৱাৰ উপৰিও এক বিশেষ অংশ ৰাজ্য খনৰ মাজেৰে আন ঠাইলৈ গৈ আছে । পূৰ্বতে এই পথেৰেই ড্ৰাগছ গৈছিল পঞ্জাৱ পৰ্যন্ত । সূত্ৰটোৰ মতে বৰ্তমানে অসমৰ মাজেৰে বিভিন্ন যোগাযোগ মাধ্যমৰ দ্বাৰা দেশৰ আন প্ৰান্তলৈ নিষিদ্ধ ড্ৰাগছ সৰাবৰাহ হৈ থকাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে ।
অসমত যোৱা ১০ জুনলৈ ১২ কিলোগ্ৰাম হেৰ'ইন(heroine), ৩.৩৬ লাখ নিচাযুক্ত টেবলেট জব্দ হোৱাৰ উপৰিও এক বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ হৈছে যাৰ হিচাব এতিয়াও পোহৰলৈ অহাৰ নাই । আনহাতে, এই অভিযানত অসমৰ বিভিন্ন প্ৰান্তৰ থানাত ৪৪৭ টা গোচৰ ৰুজু হৈছে । এই সময়ছোৱাত মুঠ ৭৮৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে ইয়াৰ লগত গৰু চুৰি কাৰ্যত জড়িত লোকো আছে । ইয়াৰ পিছতো আৰক্ষীৰ অভিযান অব্যাহত আছে ।