অসম

assam

By

Published : Jun 1, 2021, 6:12 PM IST

ETV Bharat / state

গুৱাহাটীৰ অলিয়ে-গলিয়ে বৰবিহ ড্ৰাগছৰ বেহা

এমাহত মহানগৰ আৰক্ষীয়ে শতাধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীৰ ৪০ শতাংশই মহিলা । জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় ছয় কোটি টকা ।

Drugs in Guwahati
গুৱাহাটীত ড্ৰাগছৰ বেহা

গুৱাহাটী, ১ জুন:মহামাৰী কৰ'ণাই ত্রাসৰ সৃষ্টি কৰাৰ সময়তে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ অলিয়ে-গলিয়ে উদ্ধাৰ হৈছে বৰবিহ ড্ৰাগছ । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে সক্ৰিয় হৈ পৰা আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে । দৈনিক উদ্ধাৰ হৈছে বুজন পৰিমাণৰ ড্ৰাগছসহ আন নিচাজাতীয় দ্ৰব্য। লগতে গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰী।

গুৱাহাটীত ড্ৰাগছৰ বেহা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । প্ৰাপ্ত তথ্য মতে মে' মাহত আৰক্ষীয়ে শতাধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লক্ষণীয় বিষয় যে গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীৰ ৪০ শতাংশই মহিলা । আনহাতে জানুৱাৰী মাহৰ পৰা বিগত পাঁচ মাহত মহানগৰ আৰক্ষীয়ে তিনি শতাধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰিছে ১৮২ গ্ৰাম ব্ৰাউন ছুগাৰ, ৪১৩ গ্ৰাম হেৰ'ইন, লক্ষাধিক নিচাজাতীয় টেবলেট, বুজন পৰিমাণৰ কফ চিৰাপ আৰু কেইবা কুইন্টল ভাং। আৰক্ষীয়ে জব্দ কৰা কেৱল ড্ৰাগছৰে মূল্য প্ৰায় ছয় কোটি টকা । আনহাতে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত উদ্ধাৰ হৈছে প্ৰায় ডেৰ কোটি টকা ।

গুৱাহাটীত ড্ৰাগছৰ বেহা

উল্লেখ যে, ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিয়া সান্ধ্য আইনৰ সময়ত ড্ৰাগছৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে মূল্যও বৃদ্ধি হৈছে । পূৰ্বৰ ৫০০ টকীয়া ড্ৰাগছৰ সৰু প্লাষ্টিকৰ টেমা এতিয়া গুৱাহাটী মহানগৰীত ৮০০ টকাত বিক্ৰী হৈছে । আৰক্ষীৰ ব্যাপক অভিযানৰ পাছতো গুৱাহাটীৰ অলিয়ে-গলিয়ে এতিয়াও সহজলভ্য নিষিদ্ধ ড্ৰাগছ ।

উল্লেখ যে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা দৈনিক অসমলৈ ড্ৰাগছ সৰবৰাহ হয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰতি ড্ৰাগছৰ ক'ৰিডৰলৈ ৰূপান্তৰিত হৈছে । একাংশ মালবাহী ট্ৰাকৰ চালক-হেণ্ডিমেন ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছে । চালক-হেণ্ডিমেনৰ যোগেদি এজেণ্টসকলে ড্ৰাগছসমূহ আনি গুৱাহাটীৰ অলিয়ে-গলিয়ে থকা সৰবৰাহকাৰীক যোগান ধৰে । তদুপৰি বিভিন্ন উৎসৰে গুৱাহাটীকে ধৰি ৰাজ্যজুৰি ড্ৰ‍াগছৰ সৰবৰাহ হয় ।

গুৱাহাটীত ড্ৰাগছৰ বেহা

শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি বহুকেইটা ঘাটি উৎখাত কৰিছে । দৈনিক চলিছে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান । আৰক্ষীৰ সূত্রত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ সহজে ধন ঘটাৰ বাবে বহু লোক ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰিছে । আনকি যুৱতী-মহিলাসকলো এই অবৈধ ব্যৱসায়ত জড়িত হৈ পৰিছে । উল্লেখ্য যে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি চলা এই ড্ৰাগছ বিৰোধী অভিযানত দৈনিক গ্ৰেপ্তাৰ হৈছে বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী ।

ৰাজ্যজুৰি ২৫ মে'ৰ পৰা ৩০ মে'লৈ বিগত কেইদিনত আৰক্ষীয়ে ১৪০ টা গোচৰ ৰুজু কৰাৰ লগতে ২৫৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে । আনহাতে এই ছয় দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ২.৯০ কিলোগ্ৰাম হেৰ'ইন, ৬৬৫.৩১ কিলোগ্ৰাম গাঞ্জা, ১৭,৫৫১ বটল কফ ছিৰাপ, ডেৰ লাখৰো অধিক নিচাজাতীয় টেবলেট, ১৪.১৬ গ্ৰাম মৰফিন আৰু নগদ প্ৰায় ১১ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:টীয়কত বৃহৎ পৰিমাণৰ ঔষধ জব্দ

ABOUT THE AUTHOR

...view details