নিউজ ডেস্ক, 17 জুলাই : অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ বিগত সময়ছোৱাত দেশজুৰি আৰক্ষী প্ৰশাসন তথা অভিযানকাৰী দলে অভিযান চলাই ড্ৰাগছ, গাঞ্জাৰ লগতে আন আন বহুতো নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল ৷ শেহতীয়াকৈ আন্তৰ্জাাতিক ড্ৰাগছ বিৰোধী দিৱসৰ উপলক্ষে ৰাজ্যজুৰি আৰক্ষীয়ে কোটি কোটি মূল্যৰ ড্ৰাগছ জ্বলাই ভষ্মীভূত কৰাৰ পিচতে সোমবাৰে পুনৰ ৰাজ্যৰ কেইবা ঠাইটো আৰক্ষীয়ে ড্ৰাগছ দহন কাৰ্যসূচী হাতত লৈছে ৷ আজি পুনৰ সমগ্ৰ ৰা়জ্যজুৰি নষ্ট কৰা হৈছে 2,416 কোটি টকাৰ ড্ৰাগছ ৷
ড্ৰাগছ বিৰোধী অভিযানৰ অংশ স্বৰূপে চন্দ্ৰপুৰটো CID, NCB আৰু অসম আৰক্ষীয়ে জ্বলাই বিনষ্ট কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীৰ ভিতৰত হেৰ'ইন, টেবলেটছ, ব্ৰাউন ছুগাৰ, কফচিৰাপ, অপিয়াম আদি জ্বলাই পেলোৱা হয় ৷ আৰক্ষীয়ে কেইবাখনো দাম্পৰৰে নিচাজাতীয় সামগ্ৰীসমূহ বিনষ্ট কৰে ৷
তাৰ ভিতৰত হেৰ'ইন 7.252 কেজি ,টেবলেট 1,86,000 টা, ব্ৰাউন ছুগাৰ 16.88 কেজি, কফ চিৰাপ 20,043 বটল, অপিয়াম 2230.26 গ্ৰাম সামগ্ৰী জ্বলাই পোলাৱা হয় ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে CID, NCB আৰু অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ৷
লগতে গুৱাহাটীৰ বৰাগাঁৱত প্ৰায় 3,155 কেজি গাঞ্জা দাহন কৰা হয় ৷ সমগ্ৰ দেশৰ নিচাহযুক্ত সামগ্ৰীৰ দহন কাৰ্যসূচী ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ CID, NCP, CITY POLICE আৰু জিলা প্ৰসাশনৰ অভিযানত জব্দ কৰা গাঞ্জা দহন কৰা হয় বৰাগাঁৱত ৷