অসম

assam

By

Published : Jun 23, 2021, 2:07 PM IST

ETV Bharat / state

আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম

মহানগৰীৰ আজাৰাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। অভিযান কালত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ নগদ ২৬ লাখ টকা। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ২.৫৫ কোটি টকা । এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক ।

Drug trafficker Sofikul Islam injured in police firing
আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম

গুৱাহাটী, ২৩ জুন : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষী (Assam Police)ৰ ড্ৰাগছ বিৰোধী অভিযান । দৈনিক বুজন পৰিমানৰ ড্ৰাগছ জব্দ হোৱাৰ উপৰিও আৰক্ষী জালত পৰিছে বহু সৰবৰাহকাৰী । ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । বিগত এমাহত মহানগৰ আৰক্ষীয়ে ৮৭ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰুজু কৰিছে অৰ্ধ শতাধিক গোচৰ ।

আন দিনাৰ দৰে মঙলবাৰেও মহানগৰীত বৃহৎ পৰিমানৰ ড্ৰাগছসহ নগদ ধন জব্দ কৰে মহানগৰ আৰক্ষীয়ে । ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্রত এয়া মহানগৰ আৰক্ষীৰ এক বৃহৎ সফলতা । মহানগৰীৰ ধাৰাপুৰৰ মজলীত সন্ধিয়া মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । মজুলীৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল এই অভিযান ।

আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম

দীৰ্ঘদিন ধৰি মজলীৰ নিজ বাসগৃহৰ পৰা ছফিকুল ইছলামে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । আৰক্ষীয়ে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰে ডেৰ লাখ ৱৰ্ল্ড ইজ ইয়ৰছ (WIY), য়াবা (Yaba) বুলি বিখ্যাত নিচাযুক্ত টেবলেট। টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ২.৫৫ কোটি টকা । লগতে আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ পৰা উদ্ধাৰ কৰে নগদ ২৬ লাখ টকা।

উল্লেখ্য যে, আৰক্ষীয়ে ছফিকুল ইছলামক আজাৰা থানালৈ অনাৰ সময়তে ধাৰাপুৰ বজাৰত চলন্ত গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে । আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত হয় ড্ৰাগছ সৰবৰাহকাতী ছফিকুল ইছলাম । আহত ছফিকুল ইছলামক আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত পাণবজাৰৰ এম এম চি এইছ (MMCH)লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে ছফিকুল ইছলামৰ পৰা AS-01-ET-7998 আৰু AS-01-DU-7446 নম্বৰৰ দুখন বিলাসী চাৰিচকীয়া বাহন জব্দ কৰে । মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু এডিচিপি সঞ্জীৱ শইকীয়াৰ নেতৃত্বত চলোৱা হৈছিল এই বৃহৎ অভিযান ।

লগতে পঢ়ক:নগাঁৱত পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details