গুৱাহাটী, 18 ফেব্ৰুৱাৰী :ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হোৱাৰ পিছতো ৰাজ্যত হ্ৰাস পোৱা নাই ড্ৰাগছ সৰবৰাহৰ লগতে ক’লা ব্যৱসায় ৷ একেধৰণেগুৱাহাটী মহানগৰীতো আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ পাছতো কমা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলণি । বৰং মহানগৰীৰ চুকে কোনে প্রতিদিনে উদ্ধাৰ হৈয়েই আছে নিষিদ্ধ ড্ৰাগছ । মহানগৰ আৰক্ষীয়ে চলাই অহা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ স্বৰূপে শুকুৰবাৰৰ নিশা নাৰেঙ্গী এ এছ ই বি ক’লনিত আৰক্ষীয়ে এক অভিযান চলায় (Anti dugs mission at Guwahati) ৷
অভিযান কালত নুনমাটি আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । এক গোপন সূত্ৰৰ পম খেদি নুনমাটি থানাৰ আৰক্ষীৰ এটা দলে নাৰেঙ্গী এ এছ ই বি কলনীত অভিযান চলাইছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷ আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম বিশ্বজিত স্বৰ্গীয়াৰী বুলি জানিবলৈ পৰা গৈছে ৷ বিশ্বজিত নাৰেঙ্গী ফৰেষ্টগেট জোনাকী নগৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে (One drugs peddler arrested in Guwahati) ।