অসম

assam

By

Published : Dec 14, 2022, 9:59 PM IST

ETV Bharat / state

Protest in Sasal: চৰকাৰৰ আদৰণি সেৱা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত চচলত প্ৰতিবাদ

দুখীয়া প্ৰসুতি মাতৃসকলৰ সুবিধাৰ অৰ্থে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আদৰণি সেৱা আঁচনি বন্ধ কৰাৰ সিদ্ধান্তত ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে আদৰণী আঁচনিৰ এম্বুলেন্স চালকসকল(Decision to discontinue the Adarani scheme) । চৰকাৰে আদৰণি সেৱা বন্ধ কৰাৰ সিদ্ধান্ত উঠাই লোৱাৰ দাবীত মহানগৰীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দুই শতাধিক আদৰণী চালক আৰু কৰ্মচাৰীয়ে ।

driver of adarani service scheme protest in sasal
আদৰণী সেৱা বন্ধ কৰা চৰকাৰী সিদ্ধান্ত বাতিলৰ দাবীত চচলত প্ৰতিবাদ

আদৰণি সেৱা বন্ধ কৰা চৰকাৰী সিদ্ধান্ত বাতিলৰ দাবীত চচলত প্ৰতিবাদ

গুৱাহাটী,১৪ ডিচেম্বৰ:ৰাজ্য চৰকাৰে আদৰণি সেৱা বন্ধ কৰাৰ সিদ্ধান্তৰ(Decision to discontinue the Adarani scheme) বিৰুদ্ধে সৰৱ হৈ পৰিছে অল আসাম আদৰণি চালক আৰু কৰ্মচাৰী সকল । চৰকাৰে আদৰণি সেৱা বন্ধ কৰাৰ সিদ্ধান্ত উঠাই লোৱাৰ দাবী তুলি বুধবাৰে মহানগৰীৰ চচলস্থিত ধৰ্ণা স্থলীত সমবেত হোৱা প্ৰায় দুই শতাধিক আদৰণী চালক আৰু কৰ্মচাৰী সকলে হাতে হাতে বেনাৰ,ফেষ্টোন লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(All Assam Adarani Driver Association Protest) ।

দিনৰ ১১:৩০ বজাৰ পৰা ১ বজালৈ অনুস্থিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে আদৰণি সেৱা আঁচনি চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, চৰকাৰে আমাক পেটে ভাতে মাৰিবলৈ চেষ্টা নকৰিব, চৰকাৰে আমাক চলিবলৈ উপায় দিয়ক, আমাৰ দাবী নাৰ্য দাবী, আদি বিভিন্ন শ্লোগানৰে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ যে, ২০১২ বৰ্ষৰ পৰা আজি পৰ্যন্ত প্ৰায় ১০ বছৰ ধৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত দুখীয়া প্ৰসুতি মাতৃসকলক সুবিধাৰ অৰ্থে আদৰণি সেৱা আঁচনি আৰম্ভ কৰিছিল(Protest in Sasal) ।

এই আঁচনিৰ অধীনত ৰাজ্যত চলি আছিল ৩৫০ খন এম্বুলেঞ্চ সেৱা । চালক আৰু কাৰ্য্যালয় কৰ্মচাৰীয়ে জনসাধাৰণ তথা প্ৰসূতি মাতৃসকলৰ বিপদসংকুল তথা জৰুৰীকালীন সময়ত সেৱা আগবঢ়াই অহাৰ লগতে কভিড মহামাৰীৰ সময়তো এই চালকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি হ'লেও সেৱা আগবঢ়াইছিল । কিন্তু চৰকাৰে শেহতীয়া কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৩১ ডিচেম্বৰ ২০২২ ত আঁচনিখন বন্ধ কৰি প্ৰসূতি মাতৃসকলক মাত্র ৭০০ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

যাৰ ফলত আদৰণি চালক সকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । সেয়ে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ আদৰণী সেৱা বন্ধ কৰাৰ সিদ্ধান্ত অবিলম্বে লোৱা,
অসম চৰকাৰৰ নূন্যতম দৰমহা অতি শীঘ্ৰে কাৰ্য্যকৰী কৰা,P.F., ESI, Gratuity আদিৰ ব্যৱস্থা কৰা, কামৰ সময় শ্রম আইনমতে ধাৰ্য্য কৰা আদি বিভিন্ন সমস্যা সমধানৰ দাবী তুলি অল আছাম আদৰণী ড্ৰাইভাৰ এ'চোচিয়েচনৰ তৰফৰ পৰা স্বাস্থ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে(Memorandum sent to the Health Minister) ।

লগতে পঢ়ক:Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details