গুৱাহাটী, ৫ জানুৱাৰী :ক’লা আইনৰ বিৰোধিতাৰে ৰাজ্যত ৪৮ ঘন্টীয়া সৰ্বাত্মক বন্ধ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে মটৰ চালকৰ ক্ষোভৰ জুই ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মহানগৰীৰ বেতকুচিস্থিত ISBT ত দেখিবলৈ পোৱা গৈছে শাৰীশাৰীকৈ ৰখাই থোৱা হৈছে দূৰণিবটীয়া বাছসমূহো ৷ একপ্ৰকাৰে স্থবীৰ হৈ পৰিছে যান বাহনৰ চলাচল ৷
ISBT তো সদৌ অসম বাছ চালক সন্থাই পালন কৰিছে ৪৮ ঘন্টীয়া কৰ্মবিৰতি । বাছ বন্ধৰ ফলত বিমূৰত পৰিছে দূৰণিবটীয়া যাত্ৰীসকলো ৷ কি কৰিব, ক’লৈ যাব, নিৰুপায় সকলো ৷ মটৰ চালক সন্থাৰ এটাই দাবী, ‘‘হিট এণ্ড ৰান বাতিল নকৰা পৰ্যন্ত চলি থাকিব চালক এই প্ৰতিবাদ ৷ কোনো পধ্যেই মানি লোৱা নহয় কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া হিট এণ্ড ৰান আইন ৷ ’’
ইফালে গুৱাহাটী আই এছ বি টি ত এখনো বাছ চলাচল কৰা নাই । আনকি গুৱাহাটীত চিটিবাছ আৰু মেজিক চলাচল কৰা নাই । অৱশ্যে পৰিবহন বিভাগৰ বাছ চলাচল কৰি আছে । বন্ধৰ বাবে অফিচ কাচাৰীলৈ সদায় অহা-যোৱা লোকসকল বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব লগাত পৰিছে ৷
মটৰ শ্ৰমিক সংগঠনৰ নেতা বীৰেন শৰ্মাই কয়, ‘‘কেন্দ্ৰীয় চৰকাৰে মটৰ চালকসকলৰ ওপৰত জাপি দিছে হিট এণ্ড ৰান নামেৰে এখন ক’লা আইন । এই আইনৰ অৰ্থ হৈছে যে এগৰাকী চালকৰ দ্বাৰা যদি এক দুর্ঘটনা হয় আৰু তাত কোনো পথচাৰী অথবা কাৰোবাৰ মৃত্যু হয় তেতিয়া যদি চালকজনে পলায়ন কৰে তেনেহলে তেওঁৰ ১০ বছৰ পৰ্যন্ত জে’ল আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমণা হ’ব । যদি পলায়ন নকৰি ওচৰৰ থানাত খবৰ দিয়ে আৰু জখম হোৱা লোকক চিকিৎসালয়লৈ লৈ যায় তেনেহ'লে তেওঁৰ শাস্তি আধা হ’ব । যদিহে চালকজনৰ কোনো ধৰণৰ দোষ নতুবা ভুল নাথাকে তথাপিও তেওঁৰে শাস্তি হ'ব ৷ কোনেও দুৰ্ঘটনা কৰো বুলি নকৰে ৷ সেয়ে এই আইন মানি লোৱা নহ’ব ৷’’