অসম

assam

ETV Bharat / state

যন্ত্ৰচালিত শালত বোৱা মেখেলা চাদৰৰ বিৰুদ্ধে মহানগৰীত অভিযান - হস্ততাত সংৰক্ষণ আইন ১৯৮৫

যন্ত্ৰচালিত শালত বোৱা মেখেলা চাদৰৰ বিৰুদ্ধে এইবাৰ মহানগৰীত আৰক্ষীৰ অভিযান (Drive against Illegally made mekhela sador)৷ এই অভিয়ানত পাণবজাৰ আৰক্ষীয়ে যন্ত্ৰচালিত তাঁতশালত বোৱা বহু সন্দেহজনক মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

Drive against Illegally made mekhela sador
যন্ত্ৰ চালিত শালত বোৱা মেখেলা চাদৰৰ বিৰুদ্ধে মহানগৰীত অভিযান

By

Published : Jun 21, 2022, 9:41 PM IST

গুৱাহাটী, ২১ জুন : ৰাজ্যত সঘনে চলি থকা বে-আইনী কামৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam police Drive against illegal activities) ৷ এইবাৰ পাণবজাৰ আৰক্ষীয়ে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত যন্ত্ৰচালিত শালত বোৱা মেখেলা-চাদৰৰ বিৰুদ্ধে পাণবজাৰ, ফাঁচীবজাৰত চলাই এক অভিযান (Drive against Illegally made mekhela sador)।

যন্ত্ৰ চালিত শালত বোৱা মেখেলা চাদৰৰ বিৰুদ্ধে মহানগৰীত অভিযান

এই অভিযানকাৰী দলটোৱে কুমাৰ চিল্ক, আন্তিৰ দোকান, হীৰা কালেকচন, কিৰণ চিল্ক আদিকে ধৰি মুঠ ৮ খন দোকানত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে যন্ত্ৰচালিত তাঁতশালত বোৱা সন্দেহজনক বহু মেখেলা-চাদৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত জব্দ হোৱা কাপোৰসমূহৰ লগতে এই সন্দৰ্ভত জড়িত থকা লোকসকলৰ বিৰুদ্ধে হস্ততাত সংৰক্ষণ আইন, ১৯৮৫ ৰ অধীনত বিভাগে পৰবৰ্তী সময়ত উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

যন্ত্ৰ চালিত শালত বোৱা মেখেলা চাদৰৰ বিৰুদ্ধে মহানগৰীত অভিযান

এই অভিযানত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া উপ-সঞ্চালক জয়ন্ত দেৱ শৰ্মা, মুখ্য বস্ত্ৰশিল্প বিষয়া ৰীতা দেৱী, কামৰূপ জিলাৰ সহকাৰী সঞ্চালক নিশিকান্ত শৰ্মা, পৰিদৰ্শক চন্দন বৰা, প্ৰতুল দাস, মৃগাংক শইকীয়া, মস্মিনা বেগম আৰু পাৰুল বেজ ভৰালী উপস্থিত আছিল ৷

উল্লেখ্য যে, পাণবজাৰ থানাত দাখিল হোৱা এক এজাহাৰমৰ্মে পাণবজাৰ আৰক্ষীয়ে মঙলবাৰে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকলৰ সহযোগত পাণবজাৰ আৰু ফাঁচী বজাৰ এলেকাত অভিযান চলাই এই অভিযান ।

লগতে পঢ়ক :International Yoga Day 2022 : ৰাজ্যজুৰি যোগ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details