গুৱাহাটী,২১ ফেব্ৰুৱাৰী :গুৱাহাটীৰ অধিকাংশ স্থানৰ লোকে সুদীৰ্ঘ দিন ধৰি খোৱাপানীৰ সমস্যাত ভুগি আহিছে (Water crisis in Guwahati)। মাৰ্চ, এপ্ৰিল মাহত মহানগৰীত সচৰাচৰ খোৱাপানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে । কিন্তু চলিত বছৰত বৰষুণৰ অভাৱ যিমানেই দীঘলীয়া হৈ পৰিছে, সেই অনুপাতে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাও সিমানেই অধিক জটিল হৈ পৰিছে (Drinking water problem in Guwahati)। আনকি মহানগৰখনৰ ভূগর্ভৰ জলস্তৰ বহু তললৈ নামি যোৱাৰ ফলত বহু গভীৰ নলীনাদ শুকাই গৈছে ।
গুৱাহাটীত মাত্ৰ ৩০ শতাংশ মানুহকহে চৰকাৰে ব্ৰহ্মপুত্ৰৰ পৰা পানী শোধন কৰি খোৱাপানী যোগান ধৰি আছে (Drinking water supply in Guwahati)। পৌৰ নিগমৰ এক তথ্য মতে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহাটী পৌৰ নিগম (GMC), জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে ।
গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰে । আকৌ জনস্বাস্থ্য কাৰিকৰী বিভাগে দৈনিক ২৩.৬৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে । আনহাতে, গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে । ইফালে ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি যোৱা ১০-১২ বছৰে কৰি থকা গুৱাহাটী পানী যোগান প্ৰকল্প তিনিটা আজিও সম্পূৰ্ণ হোৱা নাই (Incomplete water project in Guwahati)।
বৰ্তমানো কাম সম্পূৰ্ণ নোহোৱা দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প আৰু দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী প্ৰকল্প দুটাৰে নামমাত্ৰ মানুহকহে খোৱাপানী যোগান ধৰি আছে । তাকো নিয়মীয়াকৈ নহয় । ভূ-গৰ্ভৰপৰা পানী শুকাই যোৱাৰ ফলত গুৱাহাটীৰ কুঁৱা, দমকল আদিৰ ওপৰত নিৰ্ভৰশীল লোকসকল এতিয়া খোৱাপানীৰ জটিল সমস্যাত ভুগিছে । গুৱাহাটীত দ্রুতভাৱে এপার্টমেণ্টৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বাণিজ্যিক গতি-বিধি বাঢ়ি যোৱাৰ ফলত ভূ-গৰ্ভৰ পৰা পানী নিষ্কাষণৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে (Depletion of ground water level)।